"অখিল, লুৰীণজ্যোতি আৰু মই একলগ হৈ ফটো উঠাৰ বাবেই বিজেপিত ভূমিকম্পৰ সৃষ্টি হৈছে"

"অখিল, লুৰীণজ্যোতি আৰু মই একলগ হৈ ফটো উঠাৰ বাবেই বিজেপিত ভূমিকম্পৰ সৃষ্টি হৈছে"
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ নগাঁও জিলা সমিতিৰ এখন প্ৰতিনিধি সভাত দেওবাৰে অংশগ্ৰহন কৰে সাংসদ গৌৰৱ গগৈয়ে। সুৰেশ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভা খনত সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডায়েও অংশগ্ৰহণ কৰে। এই সভাতেই মানিক তাছাক সভাপতি হিচাপে লৈ অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ নগাঁও জিলা সমিতি খন গঠন কৰা হয়।

ইপিনে, সভাৰ অন্তত সাংবাদিকৰ আগত কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈয়ে উজনি অসমৰ এখন সভাত সাংসদ গৌৰৱ গগৈ, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে একেলগে অংশগ্ৰহণ কৰাক কেন্দ্ৰ কৰি বিজেপি দলৰ একাংশ নেতা -মন্ত্ৰীয়ে তীৰ্যক মন্তব্য প্ৰকাশ কৰি অহাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

বিজেপিক ওভটি ধৰি সাংসদ গৌৰৱ গগৈয়ে কয়, "অখিল গগৈ, লুৰীণজ্যোতি গগৈ আৰু মই, আমি তিনিও জন মানুহে একলগ হৈ এখন ফটোহে উঠিছিলো ।তাতে বিজেপিত ভূমিকম্পৰ সৃষ্টি হৈছে। আচলতে তেওঁলোকৰ ইমান ভয় কিয় ? তেওঁলোকৰ অৱস্থা আজি ইমান পাতল নেকি? মাত্ৰ এখন ফটোক লৈয়ো সংবাদমেল পাতিছে।"

সাংসদ গগৈয়ে কয়, "আজি অখিল গগৈ, লুৰীণজ্যোতি গগৈ আৰু মই কিয় একগোট হৈছো। নিজৰ স্বাৰ্থৰ কাৰণে নহয়। উজনি অসমক সমষ্টিৰ পুনৰ নিৰ্ধাৰণ খচৰাই অপমান কৰিছে। উজনি অসমৰ মান -স্বভিমান সংৰক্ষণ কৰিবলৈ,নিজৰ মৰ্যদা ঘূৰাই আনিবলৈ আমি সকলো একগোট হৈছো।"

লগতে সাংসদগৰাকীয়ে কয়, "শিৱসাগৰৰ মৰ্যদা ঘূৰাই আনিবলৈ আমি উজনি অসমৰ সৈনিক হিচাপে একগোট হৈছো, আমগুৰিৰ মৰ্যদা ৰক্ষাৰ বাবে আমি একগোট হৈছো। উজনি অসমত যে এটাও সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা নহ'ল তাৰ বিৰুদ্ধে আমি একগোট হৈছো, উজনি অসমত চাহ জনগোষ্ঠীৰ লোকৰ অধিকাৰ কৰ্তন কৰিছে,মটক সকলে মান মৰ্যদা পোৱা নাই তাৰ কাৰণে মই,অখিল আৰু লুৰীণ একগোট হৈছো।"

অসমত বিজেপিয়ে বিভাজনৰ ৰাজনীতি কৰা বুলি অভিযোগ তুলি সাংসদ গগৈয়ে কয়, "বিজেপিয়ে শংকৰদেৱ আৰু আজান পীৰৰ মাজত বিভাজন আনিব বিচাৰিছে। কিন্তু আমি সেইটো হ'বলৈ নিদিওঁ।" আনহাতে, মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে তেওঁ বিজেপিকেই জগৰীয়া কৰি কয়,"বিজেপিয়ে নিজৰ ভুল স্বীকাৰ কৰি লওক। মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিব নোৱাৰাতো তেওঁ লোকৰ ব্যৰ্থতা।"

কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াক সমালোচনা কৰি সাংসদ জনে কয়, "ৰাহুল গান্ধী দুদিন মণিপুৰত থাকিলে কিন্তু কাকো লক্ষ্য কৰি লোৱা নাই। তেওঁ এটাও ৰাজনৈতিক মন্তব্য দিয়া নাই। তেওঁ কৈছে -আমি শান্তি সম্প্ৰীতি বিচাৰো,আলাপ আলোচনা বিচাৰো। তেওঁ প্ৰধানমন্ত্ৰীৰো নাম লোৱা নাই। মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম লোৱা নাই।তাতে আমাৰ মুখ্যমন্ত্ৰীয়ে কিয় জাপ মাৰিছে?"

কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ ক্ষমতালৈ আহিলে অসমত চলি থকা বিভিন্ন দুনীৰ্তিৰ তদন্ত কৰিবলৈ এটা এছ আই টি গঠণ কৰিবলৈ অসম কংগ্ৰেছৰ তৰফৰ পৰা দাবী জনাব বুলিও সংসদ গগৈয়ে কয়।

"অখিল, লুৰীণজ্যোতি আৰু মই একলগ হৈ ফটো উঠাৰ বাবেই বিজেপিত ভূমিকম্পৰ সৃষ্টি হৈছে"
ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ উমা ছেত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in