ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগে খচৰা প্ৰকাশ কৰাৰ পিছতেই ৰাজনৈতিক নেতা, দল-সংগঠন, সাধাৰণ ৰাইজ সকলোৱে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । খচৰা প্ৰকাশৰ পিছতেই দল-সংগঠন, সাধাৰণ ৰাইজে বিভিন্ন স্থানত ইয়াৰ বিৰোধীতাৰে ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ।
এই লৈ শুকুৰবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত বলিকটীয়া আঞ্চলিক আমছুৰ সহযোগত ডুমডুমীয়া বালিসত্ৰ অৰ্ধ সাপ্তাহিক বজাৰত এক প্ৰতিবাদী গণ সমাবেশ অনুষ্ঠিত হয় । প্ৰতিবাদী সভাত উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মিন্নাতুল ইছলামে এই সমষ্টি পুনৰ নিৰ্ধাৰণ সাম্প্ৰদায়িক বুলি অভিযোগ উত্থাপন কৰে।
এই খচৰাৰ বিৰুদ্ধে আমছুৱে সমগ্ৰ ৰাজ্যজুৰি গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিব বুলি সভাত উল্লেখ কৰে। নগাওঁ জিলা আমছুৰ সভাপতি আব্দুন নুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা তথা জিলা আমছুৰ সাধাৰণ সম্পাদক আশ্ৰাফুল ইছলামে আঁত ধৰা সভাত আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি মোশ্বাৰফ হুছেইন কবিৰ আৰু সহকাৰী সম্পাদক আব্দুৰ ৰহিমে উদাত্ত ভাষণ আগবঢ়ায় । সভাত আমছুৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে প্ৰায় তিনি সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।
Also Read: পানীখাইটিত RPFক বিহ পান কৰা কথা কৈ সহায় বিছাৰিছিল বিমান ৰয়ে...