সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা-সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী

সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা-সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনে স্বাধীন নিৰপেক্ষ আৰু ৰাইজৰ পক্ষত থাকি সংবাদ পৰিবেশন কৰা সাংবাদিক, সংবাদ মাধ্যম, মানৱ অধিকাৰ কৰ্মী, নাগৰিক অধিকাৰ কৰ্মীসকলৰ ওপৰত ধাৰাবাহিক ভাৱে আক্ৰমণ চলোৱা কাৰ্যক তীব্ৰ প্ৰতিবাদ কৰে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ নগাওঁ জিলা সমিতি আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই। লগতে যোৱা ৩ অক্টোবৰত দিল্লীত নিউজ ক্লিকৰ কাৰ্যালয়কে ধৰি সাংবাদিকসকলৰ মোবাইল, লেপটপ আদি আৰক্ষীয়ে জব্দ কৰা কাৰ্যক আৰু ভাষা সিঙসহ যিসকল সাংবাদিক, অধিবক্তা আৰু সমাজকর্মীৰ ওপৰত ইউএপিএ দৰে দানৱীয় আইন জাপি দিছে এই আইন প্ৰত্যাহাৰ কৰাৰ দাবীত সোমবাৰে নগাঁও চহৰৰ মতিৰাম বৰা ক্ষেত্ৰত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ নগাওঁ জিলা সমিতি আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ এই সংগঠন দুটাই এক ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

প্ৰতিবাদকাৰীসকলে ফেচিষ্ট শাসন নিপাত যাওঁক, দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰক, সাংবাদিক আৰু সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ কৰা নচলিব, ফেচিষ্ট মোডী চৰকাৰ হুঁচিয়াৰ, সংবাদ কৰ্মী-সমাজ কৰ্মীসকলৰ ওপৰত জাপি দিয়া ইউপিএ প্ৰত্যাহাৰ কৰক আদি শ্লগানেৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে। কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কয় যে - এতিয়া প্রধানমন্ত্রী মোডীয়ে তেওঁৰ গুণানুকীৰ্তন কৰাটো বিচাৰে । দেশৰ প্ৰধান বিৰোধী দলসমূহ যেতিয়া মোডীৰ ফেচিষ্ট শাসনৰ বিৰুদ্ধে এক হৈছে, দেশজুৰি মোদীৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে বৃহৎ গণ প্রতিবাদ সংগঠিত হৈছে; তেতিয়াই এই বাতৰিৰ পৰা জনগণক আঁতৰাই ৰখাৰ নিকৃষ্ট নীতি লৈছে। বাতৰি পৰিবেশন কৰা সাংবাদিক, সমাজকর্মী, প্ৰতিবাদৰ পক্ষত থকা অধিবক্তা আদিৰ ওপৰত কুখ্যাত ইউপিএ জাপি দি কন্ঠৰুদ্ধ কৰিব বিচৰা হৈছে । এই গণতন্ত্ৰ আৰু সংবিধানৰ বিপদ ঘন্টা বুলি মন্তব্য কৰে।

চি পি আই (এম এল) নগাঁও জিলা সমিতিৰ সদস্য মাধব চন্দ্ৰ বৰাই সকলো গণতান্ত্ৰপ্রেমী ৰাইজক গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষাৰ হকে ঐক্যবদ্ধ হোৱাৰ আবেদন জনায়। কাৰ্য্যসূচীত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ নগাওঁ জিলা সমিতিৰ সম্পাদক স্বপন হাজৰিকা আৰু সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদিকা আয়েফা বেগম, সমাজকৰ্মী বিৰিঞ্চী বৰা , কুজিডাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্য মৃদু পৱন বৰা মহিলা নেত্ৰী তথা অধিবক্তা পৰী কুমাৰী বৰুৱা আৰু মালবিকা বৰাই অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।

সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা-সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী
নাজিৰাৰ গেলেকীত গুলীচালনাৰ ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in