নগাঁও গ্ৰন্থ মেলা ২০২৪ৰ সমিতি গঠনঃ সভাপতিৰ আসনত বিধায়ক ৰূপক শৰ্মা

এই মুহূৰ্তৰ খবৰ
এই মুহূৰ্তৰ খবৰ
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁওঃ সংস্কৃতিক গোষ্ঠী 'কল্লোল'ৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ১৫ৰ পৰা ২২ডিচেম্বৰলৈ এই বছৰৰ নগাঁও গ্ৰন্থ মেলা ২০২৪ অনুষ্ঠিত কৰা হ'ব। নগাঁও গ্ৰন্থ মেলাৰ সভাপতি আৰু বিধায়ক ৰূপক শৰ্মাৰ সভাপতিত্বত কল্লোল প্ৰাংগনত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত এই প্ৰস্তাৱ গৃহীত হয়।

উক্ত সভাত নগাঁও গ্ৰন্থ মেলা ২০২২ৰ প্ৰতিবেদন আৰু আয় ব্যয়ৰ ৰাজহুৱা হিচাপ দাখিল কৰা হয়।সভাত গ্ৰন্থ মেলা ২০২৪ৰ বাবে ৰূপক শৰ্মাক সভাপতি, লোহিত কলিতাক সভাপতি কল্লোল, নৰেন্দ্ৰ কুমাৰ শ্বাহ,জিলা আয়ুক্ত নগাঁও কাৰ্যকৰী সভাপতি আৰু নৌচাদ আখতাৰ হাজৰিকা আৰু শিৱানন্দ কাকতিক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি ১১জনীয়া কৰ্ণধাৰ কমিটী সৰ্বসন্মতি ভাৱে গঠন কৰা হয়।

নগাঁও গ্ৰন্থ মেলাৰ গৌৰৱময় পৰম্পৰাক অধিক বিকশিত কৰা উদ্দেশ্যে নগাঁও গ্ৰন্থ মেলা ২৪ক সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে সভাপতিৰ আসনৰ পৰা আহ্বান জনাই ৰূপক শৰ্মাই।

এই মুহূৰ্তৰ খবৰ
চানমাৰিৰ নৱনিৰ্মিত উৰণ সেতু পৰ্যবেক্ষণ মুখ্যমন্ত্রীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in