ডিজিটেল সংবাদ,নগাঁও: সোমবাৰে নগাঁও মহাবিদ্যালয়ত অসমীয়া বিভাগৰ উদ্যোগত বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। অসমীয়া বিভাগৰ মুৰব্বী দীপক কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটো সাহিত্যাচাৰ্য মহিম বৰাৰ জন্ম শতবৰ্ষৰ সোঁৱৰণ আৰু ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা হয়।
বক্তৃতানুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰে বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড০ কমল চন্দ্ৰ শইকীয়াই। ড০ শইকীয়াই ‘কবি-ঔপন্যাসিক মহিম বৰা আৰু তেখেতৰ সাহিত্য সম্ভাৰ’ বিষয়ত এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে। তেখেতে মহিম বৰাৰ কবিতা আৰু উপন্যাস সম্পৰ্কে বিশ্লেষণাত্মক দৃষ্টিভঙ্গীৰে সমালোচনা আগবঢ়ায়।
মহিম বৰাৰ কবিতা আৰু উপন্যাসৰ বিষয়বস্তুত কেনেদৰে অসমৰ ঐতিহ্য আৰু সমাজৰ চিত্ৰ প্ৰতিফলিত হৈছে, তেওঁ সাৱলীলভাৱে বিশ্লেষণ কৰে। বক্তৃতানুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰঞ্জিত কুমাৰ মজিন্দাৰে। ড০ মজিন্দাৰে আদৰণী ভাষণত সাহিত্যাচাৰ্য মহিম বৰাৰ জীৱনত আলোকপাত কৰে আৰু অসমীয়া ভাষাই লাভ কৰা ধ্ৰপদী মৰ্যাদাৰ গুৰুত্বৰ কথা অৱগত কৰে।
বক্তৃতানুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষৰ লগতে অসমীয়া বিভাগৰ অধ্যাপক-অধ্যাপিকা আৰু বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা, অসমীয়া বিভাগৰ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড০ বনশ্ৰী দাসে ড০ কমল চন্দ্ৰ শইকীয়াই প্ৰদান কৰা বক্তৃতাই শিক্ষকৰ লগতে উপস্থিত সকলো ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিছে বুলি কৈ সকলোৰে শলাগ লয়।
তদুপৰি, ভাষা গৌৰৱ সপ্তাহৰ লগত সংগতি ৰাখি নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সহযোগত এলানি কাৰ্যসূচী আয়োজন কৰা হয়। ছাত্ৰ-ছাত্ৰীৰ মাজত অসমীয়া ভাষাৰ ব্যৱহাৰৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ বিশেষ বক্তৃতানুষ্ঠান, অনলাইন সাহিত্য সৃষ্টি সম্পৰ্কীয় কৰ্মশালা, অসমীয়া ভাষাৰ বিকাশত অনুবাদৰ ভূমিকা সম্পৰ্কীয় এলানি বক্তৃতানুষ্ঠান আয়োজন কৰা হয়।
অসমীয়া ভাষাৰ ব্যৱহাৰৰ প্ৰতি সজাগতা সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰে নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ড০ ৰূপাণ্জলি দেৱীয়ে। ড০ দেৱীয়ে ভাষণত অসমীয়া ভাষাৰ গৰিমা, ঐতিহ্যৰ কথা কৈ অসমীয়া ভাষাটোক সকলোৱে শুদ্ধ ৰূপত ব্যৱহাৰৰ কৰাৰ বাবে আহ্বান জনায়।
৩নৱেম্বৰৰ পৰা ৯নৱেম্বৰলৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সহযোগত এলানি কাৰ্যসূচী সুকলমে সমাপন কৰা হয়। কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰণ্জিৎ কুমাৰ মজিন্দাৰে ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰাৰ বাবে অসমীয়া বিভাগৰ শলাগ লয় আৰু সমগ্ৰ অসমত ভাষা গৌৰৱ সপ্তাহ উদযাপনে ভাষাটোৰ প্ৰতি থকা মানুহৰ আৱেগ-অনুভূতিক প্ৰতিফলিত কৰিছে বুলি কয়।
Also Read: অসম সাহিত্য সভাৰ নিৰ্বাচনঃ উপ সভাপতি, প্ৰধান সম্পাদকৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ...