নগাঁও কলেজত বিশ্ব উদ্যমিতা দিৱস উদযাপন...

সোমবাৰে নগাঁও কলেজত বিশ্ব উদ্যমিতা দিৱস উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
নগাঁও কলেজত বিশ্ব উদ্যমিতা দিৱস উদযাপন...

ডিজিটেল সংবাদ, বেবেজীয়াঃ ‘অসমৰ হাবি-বননি ব্যৱসায়িক সম্ভাৱনাপূৰ্ণ গছ-তৰু লতিকা আদি প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ । সুপৰিকল্পিত পৰিকল্পনাৰে আগবাঢ়িলে উদ্যমিতাৰ জৰিয়তে অসম তথা উত্তৰ-পূবত সংস্থাপন লাভ কৰাৰ অযুত সম্ভাৱনা আছে।’- এই মন্তব্য সাংবাদিক পৰাগমণি আদিত্যৰ। সোমবাৰে নগাঁও কলেজ (অট’নমাচ)ৰ প্ৰতিষ্ঠানীয় উদ্ভাৱনা পৰিষদৰ উদ্যোগত আয়োজিত ‘বিশ্ব উদ্যমিতা দিৱস উদযাপন’ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে সাংবাদিকগৰাকীয়ে।

নগাঁও কলেজ (অট’নমাচ)ৰ ‘প্ৰতিষ্ঠানীয় উদ্ভাৱনা পৰিষদ’ আৰু ‘প্ৰশিক্ষণ আৰু নিয়োগ কোষ’ৰ উদ্যোগত আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সহযোগত এই দিৱস উদযাপন কৰা হয়। আভ্যন্তৰীণ মানদণ্ড কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা অনুষ্ঠানত অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে আদৰণি ভাষণ প্ৰদান কৰে আৰু পৰিষদৰ সমন্বয়ক ড০ প্ৰিয়াংকী শৰ্মাই সম্বৰ্ধনা জনায়।

আদৰণি ভাষণত ড০ বৰকটকীয়ে উপস্থিত সকলোকে বিশ্ব উদ্যমিতা দিৱসৰ শুভকামনা জ্ঞাপন কৰে আৰু কয় যে- ছাত্ৰ-ছাত্ৰীসকলে চাকৰিমুখী হোৱাতকৈ স্বাৱলম্বিতাৰে উদ্যোগী হ’বলৈ চেষ্টা কৰিব লাগে। যাৰ জৰিয়তে বহুতৰ বাবে সংস্থাপনৰ বাট মুকলি কৰিব পাৰে। আনহাতে মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৰাগমণি আদিত্যই কয় যে- অসমত ব্যৱসায়ৰ ধাৰণা ২০০বছৰৰ পুৰণি। জীৱনত আগবাঢ়িবলৈ হ’লে ডাঙৰ সপোন দেখিব লাগিব আৰু এই সপোন বাস্তৱায়িত কৰিবলৈ সুপৰিকল্পিত পৰিকল্পনাৰ প্ৰয়োজন।

তেওঁ লগতে ‘Lean Startup and Minimum Viable Businesses’ শীৰ্ষক মনোজ্ঞ বক্তৃতা প্ৰদান কৰি কয় যে- অসমত অনলাইন আৰু অফলাইন ব্যৱসায়ৰ প্ৰবল সম্ভাৱনা আছে। সফল উদ্যোগী হ’বলৈ ব্যৱসায়ৰ প্ৰসাৰণ অতি গুৰুত্বপূৰ্ণ। পৰাগমণি আদিত্যই লগতে কয় যে- স্বচ্ছতা হৈছে উদ্যমিতাৰ প্ৰধান মাপকাঠী। তেওঁৰ অভিজ্ঞতাপুষ্ট বক্তৃতাত বিভিন্ন সফল উদ্যমিতা, অসমত সফল উদ্যমিতাৰ সম্ভাৱনীয়তা, অসমৰ প্ৰাকৃতিক সম্পদেৰে উদ্যোগ গঢ়ি তোলা আৰু সফল উদ্যমিতাৰ মাপকাঠি আদিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে।

এই অনুষ্ঠানতে কলেজৰ তিনিগৰাকী ছাত্ৰ ক্ৰমে-ত্ৰিদিপ নাথ, টিংকুমণি বৰা আৰু নিশিনৱ বৰাই নিজৰ প্ৰচেষ্টাৰে আৰম্ভ কৰা ষ্টাৰ্ট আপৰ এক চমু আভাস উপস্থাপন কৰে। অনুষ্ঠানত তিনি শতাধিক ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা, প্ৰতিষ্ঠানীয় উদ্ভাৱনা পৰিষদৰ সদস্য আৰু এন.এছ.এছৰ সদস্য উপস্থিত থাকে। সদৌ শেষত প্ৰশিক্ষণ আৰু নিয়োগ কোষৰ সমন্বয়ক ঋষি ভাৰ্গৱ দাসে শলাগৰ শৰাই আগবঢ়ায়।

Also Read: ইন্দ্রাণীৰ আত্মহত্যাৰ প্ৰসংগঃ নলবাৰী সদৰ থানাত জেৰা অসীম চক্রৱৰ্তীক

nagaon college