নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত ড্ৰাগছ বিৰোধী দিৱস উদযাপন...

নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপন
নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত ড্ৰাগছ বিৰোধী দিৱস উদযাপন...
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও : নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে ড্ৰাগছ সেৱন আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপন কৰা হয়।

এই দিৱসৰ লগত সংগতি ৰাখি ড্ৰাগছ আৰু এইডছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এটি সজাগতামূলক বক্তৃতানুষ্ঠান আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ভূপেশ টুমুঙে আঁত ধৰা আৰু অধ্যক্ষ ড° মৃগাংক শইকীয়াৰ আদৰণি ভাষণেৰে আৰম্ভণি হোৱা এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে স্বাস্থ্য বিষয়া ৰিকু দত্ত। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে, এই ড্ৰাগছ আৰু HIV নামৰ ব্যাধিটোৱে বৰ্তমান নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ লৈ গৈছে। সেয়ে সকলোকে এই ব্যাধিক লৈ সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনায়।

ইয়াৰ পিছতেই ড্ৰাগছৰ ভাৱহতাৰ ওপৰত এখন নাট অংগাভিনয় অসমৰ দ্বাৰা পৰিৱেশিত হয়। এই অনুষ্ঠানত Asssam AIDS Control Societyৰ দুগৰাকী বিষয়ববীয়াও উপস্থিত থাকে আৰু এই আয়োজনক শলাগ লয়। অনুষ্ঠানত মহাবিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।শেষত প'ষ্টাৰ বনোৱা প্ৰতিযোগিতাৰ বঁটা প্ৰদান কৰা হয়। উল্লেখ্য শলাগৰ শৰাইয়েৰে এই অনুষ্ঠানৰ সামৰণি পৰে।

নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত ড্ৰাগছ বিৰোধী দিৱস উদযাপন...
মথুৰাপুৰৰ সৰবৰাহী মহিলা দিপালী গগৈ বৰুৱাৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in