ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ সমীপৰ ডিমৰুগুৰি আমতলৰ এগৰাকী ৭০ বছৰীয়া অনুসূচীত জাতিৰ মহিলা আৰু তেওঁৰ ১৩ বছৰীয়া নাতিনীয়েকক আক্ৰমণ কৰা ঘটনাৰ লগত জড়িত অভিযুক্তক ৩দিন উকলি যোৱা পিছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত অনুসুচীত জাতি সংগ্ৰামী যুৱ পৰিষদে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ইটাচালি আৰক্ষী চকীৰ অন্তৰ্গত ডিমৰুগুৰি- আমতলৰ দুলু দাস নামৰ বৃদ্ধা মহিলা গৰাকীৰ লগতে তেওঁৰ নাতিনীয়েকক ডিমৰুগুৰিৰ এখন ৱাইন বাৰৰ স্বত্বাধিকাৰী সুৰজিৎ দে আৰু তেওঁৰ সহযোগীয়ে ১ নৱেম্বৰৰ নিশা দলবদ্ধ ভাবে আক্ৰমণ কৰিছিল।
আজি এই ঘটনা সন্দৰ্ভত অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁৱৰ আৰক্ষী অধীক্ষকক এখন স্মাৰক পত্ৰ প্ৰদান কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়। স্মাৰক পত্ৰত সংগঠনটোৱে উল্লেখ কৰিছে যে,মহিলা গৰাকী আৰু নাতিনীয়েকক বৰ্বৰ ভাবে প্ৰহাৰ কৰে। ফলত মহিলা গৰাকী গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধীন হৈ আছে।
আক্ৰমণকাৰী দলে ১৩ বছৰীয়া নাতিনীয়েকক ধৰ্ষণ কৰি ৰাস্তাত মৃতদেহ পেলাই থৈ যোৱাৰ ভাবুকি প্ৰদান কৰা বুলি সংগঠনটোৱে স্মাৰক পত্ৰত উল্লেখ কৰিছে। লগতে উল্লেখ কৰে যে, দুলু দাসে বসবাস কৰি থকা মাটি আৰু ঘৰটো এৰি যাবলৈ মহিলা গৰাকীক ভাবুকি প্ৰদান কৰে। দৰিদ্ৰ এই পৰিয়ালটোৰ ভূমি দখল কৰিবলৈ এইদৰে দলটোৱে আক্ৰমণ কৰি আহিছে।
এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে ইটাচালি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলি সংগঠনটোৱে স্মাৰক পত্ৰত উল্লেখ কৰিছে যে আৰক্ষীয়ে দুস্কাৰ্য সংঘটিত কৰা সকলক ৰক্ষণা- বেক্ষণ দি আহিছে। অনুসূচীত জাতিৰ মহিলাক সুৰক্ষা দিয়াত আৰক্ষী ব্যৰ্থ হৈছে। ডিমৰুগুৰিৰ অনুসূচীত জাতিৰ মহিলাৰ পৰিয়ালক হত্যাৰ প্ৰয়াস চলোৱা ৩ মূল অপৰাধী সুৰজিৎ দে , মৌচুমী মহন্ত আৰু দীপাঞ্জলি দাসক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী অধীক্ষকৰ ওচৰত সংগঠনটোৱে দাবী জনাইছে।
অন্যথাই জংগী আন্দোলন গঢ়ি তুলিব বুলি তেওঁলোকে আৰক্ষী প্ৰশাসনক সতৰ্ক কৰি দিয়ে। আৰক্ষীয়ে অপৰাধীক সুৰক্ষা দি অনুসূচীত জাতিৰ পৰিয়ালটোক নিৰাপত্তাহীন কৰিছে বুলি উল্লেখ কৰি পৰিষদে ৩ মূল অপৰাধীক গ্ৰেপ্তাৰ কৰি ন্যায় সংহিতাৰ হত্যাৰ প্ৰয়াস, ভূমি দখল,অনুসুচীত জাতি/জনজাতিৰ অত্যাচাৰ প্ৰতিৰোধ আইন,মহিলা - শিশু সুৰক্ষা আইনৰ অধীনত জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰিবলৈ দাবী জনাইছে। লগতে তিনি অপৰাধীক গ্ৰেপ্তাৰ কৰি ভুক্তভোগী দৰিদ্ৰ পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ পৰিষদে আৰক্ষী অধীক্ষকক আহ্বান জনাইছে।
স্মাৰক পত্ৰত আৰু উল্লেখ কৰা হৈছে যে দুৰ্বৃত্তই দীৰ্ঘদিন ধৰি বৃদ্ধা গৰাকীক মাটিখিনি এৰি দিয়াৰ ভাবুকি দিয়াৰ লগতে মানসিক-শাৰীৰিক ভাবে নিৰ্যাতন, ঘৰলৈ শিলগুটি নিক্ষেপ, বৃদ্ধাৰ চৌহদত জাৱৰ পেলাই আহিছে। সেয়ে এই অপৰাধী সকলক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবলৈ পৰিষদে দাবী জনাইছে। স্মাৰক পত্ৰত স্বাক্ষৰ কৰিছে অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সঞ্জীৱ দাস, উপ সভাপতি বিষ্ণু হাজৰিকা,নগাঁও জিলা সমিতিৰ সভাপতি দীপজ্যোতি দাসে। কাইলৈ দিনৰ ১২ বজাৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে কাইলৈ ইটাচালি আৰক্ষী চকী ঘেৰাও কৰাৰ লগতে ৬ নৱেম্বৰত নগাঁও জিলা বন্ধ ঘোষণা কৰিব বুলি সংগঠনটোৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত সদৰি কৰে।