বাঘৰ আতংকত জাৰি কৰা ১৪৪ ধাৰা ভংগ কৰিলে নগাওঁ জিলা আয়ুক্তই...

বাঘৰ আতংকত জাৰি কৰা ১৪৪ ধাৰা ভংগ কৰিলে নগাওঁ জিলা আয়ুক্তই...
বাঘৰ আতংকত জাৰি কৰা ১৪৪ ধাৰা ভংগ কৰিলে নগাওঁ জিলা আয়ুক্তই...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: স্বয়ং নগাঁও আয়ুক্তই ভংগ কৰিলে ১৪৪ ধাৰা ৷ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে শুকুৰবাৰে ১৪৪ ধাৰা ভংগ কৰাৰ অভিযোগ উঠিছে ৷ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে নিজে ১৪৪ ধাৰা জাৰি কৰি আয়ুক্ত শ্বাহে নিজে ভংগ কৰা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

নগাঁও সদৰ থানাৰ অন্তৰ্গত জলাহগাঁও, উজৰাগাঁও, সূতাৰ গাঁও, ভেলাইগাঁও, ননৈ নামকুৰি, নিজ পাখিমৰীয়া আদি গাঁৱত ১৪৪ ধাৰা জাৰি কৰা হৈছিল ৷ মূলতঃ ভেলাইগাঁৱৰ আদিত্য শইকীয়াক ঢেকিয়াপতীয়া বাঘে আক্ৰমন কৰি হত্যা কৰাৰ লগতে আন এজন লোকক আহত কৰিছিল ৷

এই ঘটনাৰ পিছত বাঘক ট্ৰেংকুলাইজ কৰিবৰ বাবে বন বিভাগে চেষ্টা চলাই যদিও ব্যৰ্থ হয় ৷ অত্যাধিক জনসমাগম হোৱা হেতুকে বন বিভাগ আৰু আৰক্ষীৰ কামত বাধা আহি পৰে ৷

অত্যাধিক জনসমাগমৰ বাবে পুনৰ বাঘে ভয় খাই মানুহক আক্ৰমণ কৰাৰ সম্ভৱনা থকাৰ হেতু ১৪৪ ধাৰা জাৰি কৰিছিল আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে। ১৪৪ ধাৰা অনুসৰি পাঁচজন বা তাতোধিক ব্যক্তিৰ সমাবেশ নিষিদ্ধ কৰাৰ পিছত শুকুৰবাৰে শতাধিক লোকক লৈ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ভেলাইগাঁৱত উপস্হিত হয় ৷

আয়ুক্ত শ্বাহে বাঘ ওলোৱা স্থানসমূহ শতাধিক লোকক লৈ পৰিদৰ্শন কৰে ৷ এই কাৰ্যই ১৪৪ ধাৰা ভংগ কৰে ৷ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আয়ুক্ত হৈ আইন ভংগ কৰাক লৈ বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ইফালে বাঘৰ সন্ধানত বন বিভাগে পিঞ্জৰাও স্থাপন কৰিছে ৷ বন বিভাগৰ সকলো পদক্ষেপ ব্যৰ্থ কৰিছে নৰখাদক ঢেকিয়াপতীয়া বাঘটোয়ে ৷ ননৈত বন বিভাগে পিঞ্জৰা স্থাপন কৰিছিল যদিও বাঘটোয়ে চোঙ সলাই ননৈৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগৰ ভেৰভেৰি এলেকাত অৱস্থান কৰিছে ৷

নগাঁও সদৰ বনাঞ্চলিক বিষয়া কল্যানী মালাকাৰে জনোৱা মতে বাঘটোৰ অৱস্থিতি ভেৰভেৰী বকুলগুৰিত পোৱা গৈছে ৷ বন বিভাগ সতৰ্ক হৈ আছে ৷

বাঘৰ আতংকত জাৰি কৰা ১৪৪ ধাৰা ভংগ কৰিলে নগাওঁ জিলা আয়ুক্তই...
লামডিঙৰ পথৰ কাষৰ জংঘলত উদ্ধাৰ মানৱ শিশুৰ ভ্ৰুণ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in