'মুখ্যমন্ত্ৰী অহংকাৰী হৈছে'- কংগ্ৰেছৰ নৱ নিৰ্বাচিত সাংসদৰ সম্বৰ্ধনা অনুষ্ঠানত গৌৰৱ গগৈ

- "হাৰিয়ানা নিৰ্বাচনৰ পিছত অসমত চৰকাৰ সলনি হ'ব"- ৰকিবুল হুছেইন। "উপ-নিৰ্বাচনত ৰাইজে কংগ্ৰেছৰ পক্ষত দিয় দিব"- প্ৰদ্যুৎ বৰদলৈ।
'মুখ্যমন্ত্ৰী অহংকাৰী হৈছে'- কংগ্ৰেছৰ নৱ নিৰ্বাচিত সাংসদৰ সম্বৰ্ধনা অনুষ্ঠানত গৌৰৱ গগৈ
'মুখ্যমন্ত্ৰী অহংকাৰী হৈছে'- কংগ্ৰেছৰ নৱ নিৰ্বাচিত সাংসদৰ সম্বৰ্ধনা অনুষ্ঠানত গৌৰৱ গগৈ
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত লোকসভা নিৰ্বাচনত বিজয়ী কংগ্ৰেছ দলৰ তিনিগৰাকী প্ৰাৰ্থী ক্ৰমে গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনক সম্বৰ্ধনা জনোৱা হয়। সভাত ভাষণ দি যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কয়,"ৰাজনীতি কৰিবলৈ হ'লে দলীয় কৰ্মীক জানিব লাগিব, তেওঁ লোকৰ ওচৰলৈ যাব লাগিব, তেওঁ লোকক বুজিব লাগিব আৰু সন্মান কৰিব পাৰিব লাগিব। আনকি তেওঁলোকৰ পৰা পৰামৰ্শ ল'ব লাগিব।"

অসমত আমি সাম্প্ৰদায়িক ৰাজনীতি হ'বলৈ নিদিওঁ বুলি হুংকাৰ দি ভাষণ প্ৰসঙ্গত সাংসদ গগৈয়ে আৰু কয়,"ধুবুৰীৰ ৰাইজে আজমলৰ সাম্প্ৰদায়িক ৰাজনীতি প্ৰত্যাখ্যান কৰিলে,যোৰহাটৰ ৰাইজেও বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি প্ৰত্যাখ্যান কৰিলে। নগাঁৱৰ ৰাইজেও শংকৰদেৱ আৰু আজান পীৰৰ আদৰ্শ গ্ৰহণ কৰিলে।" নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ উপৰিও নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনেও ভাষণ দিয়ে।

ইপিনে,সভাৰ অন্তত সাংবাদিকৰ আগত যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয়,"হিমন্তবিশ্ব শৰ্মাৰ অহংকাৰ বাঢ়িছে। তেওঁ ভাৱিছে গোটেই শক্তি মুখ্যমন্ত্ৰীৰ চকীখনতহে আছে। সকলো শক্তি মুখ্যমন্ত্ৰীৰ চকীত নাই। প্ৰকৃত শক্তি জনতাৰ আঙুলিতহে আছে। যাক নিৰ্বাচনৰ সময়ত ইভিএমৰ বুটামটোত প্ৰয়োগ কৰিব।"

মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলক দুৰ্ব্যৱহাৰ কৰি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি সাংসদ গগৈয়ে কয়,"মুখ্যমন্ত্ৰীয়ে চৰকাৰী কৰ্মচাৰীসকলক সৰুৰ পৰা ডাঙৰলৈকে অভব্য আচৰণ কৰি আহিছে। তেওঁলোক হিমন্ত বিশ্ব শৰ্মাৰ ঘৰৰ চাকৰ নহয়, তেওঁ লোক ৰাইজৰ সেৱকহে।"

স্মাৰ্ট মিটাৰৰ প্ৰসঙ্গত সাংসদ গগৈয়ে কয়,"স্মাৰ্ট মিটাৰ ৰাইজে নিবিচাৰে। গুজৰাটত যিমান স্মাৰ্ট মিটাৰ লগাইছে তাৰ দুগুণ স্মাৰ্ট মিটাৰ অসমত লগাইছে। অথচ গুজৰাটত ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানবোৰ আছে।"

আনহাতে, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কয়,"হাৰিয়ানাৰ নিৰ্বাচনৰ পাছত হিমন্ত বিশ্বৰ দলৰ মানুহেই আহি কংগ্ৰেছৰ লগ লাগিব। তেওঁক যি বিজেপিলৈ নিছিল সেই সকলেই এতিয়া তেওঁৰ বিৰুদ্ধে কোৱা আৰম্ভ কৰিছে। ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিবই।"

সাংসদ হুছেইনে আৰু কয়, হাৰিয়ানাৰ নিৰ্বাচনৰ পাছত পোন প্ৰথম অসমতেই চৰকাৰ সলনি হ'ব। কংগ্ৰেছৰ নেতৃত্বত বিৰোধী পক্ষৰ এখন সন্মিলিত চৰকাৰ হ'ব।" ৰাজ্য উত্তাল কৰি ৰখা ট্ৰেডিং প্ৰসঙ্গত সোধা এক প্ৰশ্নৰ উত্তৰত হুছেইনে কয়,"মেইন ট্ৰেডিংতো হিমন্ত বিশ্ব শৰ্মাই কৰি আছে। মোৰ চকুত হিমন্ত বিশ্ব শৰ্মাতকৈ ভাল ট্ৰেডিং কৰা কোনো লোক নাই।" অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মাই আটাইতকৈ ডাঙৰ সমস্যা বুলি কটাক্ষ কৰি হুছেইনে কয়,"তেওঁক আঁতৰালেই সকলোৰে মিলাপ্ৰীতি হ'ব।"

ইপিনে, নগাঁৱৰ সাংসদ, জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে কয়, "আমি তৃণমূল পৰ্য্যায়ৰ পৰা শক্তি বৰ্ধন কৰি আগন্তুক উপ নিৰ্বাচনলৈ কংগ্ৰেছ দল সম্পূৰ্ণ ৰূপে সাজু হৈ আছো।" উপ নিৰ্বাচনত ৰাইজে কংগ্ৰেছৰ পক্ষত ঠিয় দিব বুলিও তেওঁ কয়।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল সাম্প্ৰদায়িক ৰাজনীতিৰে ৰাজ্যৰ মূল সমস্যাসমূহক থাকিবলৈ চেষ্টা কৰি আহিছে বুলিও সাংসদ বৰদলৈয়ে কয়। তেওঁ কয়, হিমন্ত বিশ্ব শৰ্মাই হিন্দু -মুছলমানৰ কথা কৈ ধৰ্মান্ধতাৰ কাণি খুৱাই মানুহক অৱস কৰি ৰাখিব খুজিছে।"

'মুখ্যমন্ত্ৰী অহংকাৰী হৈছে'- কংগ্ৰেছৰ নৱ নিৰ্বাচিত সাংসদৰ সম্বৰ্ধনা অনুষ্ঠানত গৌৰৱ গগৈ
মণিপুৰ বহুদূৰ ! ক'ত ৰাছিয়া, ইউক্ৰেইনলৈ যোৱা শান্তিৰ দূত ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in