নগাঁও জিলাত জটিল হৈ পৰিছে বান পৰিস্থিতিঃ ১৯৭ খন গাঁও জলমগ্ন...

৬৫ হাজাৰৰো আধিক লোক আক্ৰান্ত, ১৮,৩৬৩ হেক্টৰ কৃষি ভূমি ক্ষতিগ্ৰস্ত
নগাঁও জিলাত জটিল হৈ পৰিছে বান পৰিস্থিতিঃ ১৯৭ খন গাঁও জলমগ্ন...
নগাঁও জিলাত জটিল হৈ পৰিছে বান পৰিস্থিতিঃ ১৯৭ খন গাঁও জলমগ্ন...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: এপষেক পূৰ্বে দুদিনৰ ব্যৱধানত কপিলী, বৰপানী আৰু নিশাৰী নৈৰ বানপানীয়ে নগাওঁ জিলাৰ কামপুৰ,ৰহা আৰু নগাঁও সদৰ ৰাজ চক্ৰৰ বিস্তৃত এলেকা তচনচ কৰাৰ পিছত এতিয়া তৃতীয়টো বানত নগাঁৱত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানী, ব্ৰহ্মপুত্ৰৰ পানী হাতীমুৰাই দি নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলঙৰে সোমাই অহা আৰু নেৰানেপেৰা বৰষুণৰ বাবে নগাঁও জিলাৰ বান পৰিস্থিতি জটিল হৈ পৰিছে।

এইবাৰৰ বানপানীত নগাঁও জিলাৰ কলিয়াবৰ, চামগুৰি, ধিং,ৰহা, কামপুৰ আৰু নগাঁও সদৰ ৰাজহ চক্ৰত বিস্তৰ ক্ষতিসাধন হৈছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে দিয়া তথ্য অনুসৰি আজি বিয়লিলৈকে নগাঁও জিলাত ১৯৭ খন গাঁও বানপানীৰ কবলত পৰিছে।

ইয়াৰ ভিতৰত নগাঁও সদৰ ৰাজহ চক্ৰত ১৪ খন,ৰহাত ৩৮ খন,কলিয়াবৰত ৫১ খন, চামগুৰিত ২২খন, কামপুৰত ৫৭ খন আৰু ধিং ৰাজহ চক্ৰত ১৫ খন গাঁও বানপানীৰ কবলত পৰিছে। বহু বানাক্ৰান্ত নিৰাপদ স্থান,সংঘ,শিক্ষানুষ্ঠান আদিত আশ্ৰয় লৈ থকাৰ বিপৰীতে বহু বানাক্ৰান্ত পথৰ দাঁতিত আশ্ৰয় লৈ আছে।

এইবাৰৰ বানপানীত জিলাখনৰ ৬৫ হাজাৰৰো আধিক লোক আক্ৰান্ত হৈছে। ইয়াৰোপৰি ১৮,৩৬৩ হেক্টৰ কৃষিভূমিৰো ক্ষতিসাধন হৈছে। সেইদৰে ৬১,০৮৮ টা পশুধন বানৰ কৱলত পৰিছে।

এনে পৰিস্থিতিত জিলা প্ৰশাসনে ১৪ টা আশ্ৰয় শিবিৰ আৰু বান সাহাৰ্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে সাহাৰ্য প্ৰদান কৰিছে। তাৰ মাজতো ঠাই বিশেষে বানাক্ৰান্তই উপযুক্ত সাহাৰ্য্য নোপোৱাৰ অভিযোগো উঠিছে। শিশুখাদ্য ,বিশুদ্ধ খোৱা পানী ,পশুধনৰ খাদ্য পৰ্যাপ্ত হোৱা নাই বুলি একাংশ বানাক্ৰান্তই অভিযোগ কৰিছে।

নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুমাৰটুপ, শিৱনগৰ কলংপাৰ পথ, আইন মহাবিদ্যালয়ৰ ওচৰত একাংশ লোক কলংনৈৰ বানৰ কবলত পৰিছে। কলঙৰে ব্ৰহ্মপুত্ৰৰ পানী নগাঁৱৰ দিশে সোমাই অহাৰ ফলত কলিয়াবৰ,চামগুৰি,পুৰণিগুদাম, গোমোঠাগাঁও ,নগাঁও চহৰ আদিত কলংনৈৰ দুয়োকাষে থকা লোকসকলৰ একাংশ বানপানীৰ কবলত পৰিছে।

জিলা জনসংযোগ বিভাগে সংবাদ মাধ্যমলৈ দিয়া তথ্য অনুসৰি আজি বিয়লি কলংনৈ বিপদসীমাৰ ১৩ ছেণ্টিমিটাৰ ওপৰেৰে বৈ আছে যদিও জলপৃষ্ঠ ক্ৰমশ বৃদ্ধি হোৱাত নগাঁৱৰ বানপৰিস্থিতি জটিল হোৱাৰ সম্ভাৱনা আছে। আজি নগাঁও পৌৰসভাই কলঙৰ পাৰৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ মাইক যোগে ঘোষণা কৰিছে।

ৰহাত কলং নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈ আছে যদিও আজি বিয়লি বিপদসীমাৰ ৫০ ছেণ্টিমিটাৰ তলেৰে বৈ আছে। কামপুৰত কপিলীৰ জলপৃষ্ঠ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে যদিও আজি বিপদসীমাৰ ১৭ ছেণ্টিমিটাৰ ওপৰেৰে বৈ আছে। খেৰণিত কপিলী বিপদসীমাৰ ২.০৫ ছেণ্টিমিটাৰ তলেৰে বৈ আছে। ব্ৰহ্মপুত্ৰ নদী শিলঘাটত বিপদসীমাৰ ৮৯ ছেণ্টিমিটাৰ তলেৰে বৈ আছে।

নগাঁও জিলাত জটিল হৈ পৰিছে বান পৰিস্থিতিঃ ১৯৭ খন গাঁও জলমগ্ন...
দীলিপ শইকীয়াক মঙলদৈ প্ৰেছ ক্লাবৰ সম্বৰ্ধনাঃ দুটা বিষয়ক অগ্ৰাধিকাৰ দিয়াৰ কথা প্ৰকাশ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in