ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাৰ সহযোগত কলাৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ ৯৮ সংখ্যক জন্ম দিৱসটি দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে ঘাঁহী-ম'হমৰীয়া আঞ্চলিক হাইস্কুলত অনুষ্ঠিত হয়। বিশ্ববিশ্রুত শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা জনাই পুৱা ৮-৪৫ বজাত শাখাৰ সভাপতি হৰেন বৰাই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰাৰ পাছতে ৯ বজাত ড° হাজৰিকাদেৱৰ আৱক্ষমূর্তিত মুখ্য তর্পকৰূপে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে ভদ্রকান্ত দাসে।
ইয়াৰ পিচতে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰাই। সভাখনত নগাঁও জিলা সাহিত্য সভাৰ প্রাক্তন সম্পাদক তথা আঞ্চলিক সম্পাদকদ্বয় যতীন্দ্র নাথ সূত, মৃণাল হাজৰিকা আৰু বৰ্তমান নগাঁও আঞ্চলিক কার্যালয়ৰ সাংগঠনিক সম্পাদক বিনু লস্কৰ ঠাকুৰীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন, সংগীত আৰু তেখেতে কৰা সকলো কাৰ্য সন্দৰ্ভত বিষদভাবে ব্যাখ্যা দাঙি ধৰে। জিলা তথা শাখাৰ সম্পাদকদ্বয় ৰেৱত কুমাৰ হাজৰিকা আৰু ৰেব কান্ত দাসে আঁত ধৰা অনুষ্ঠানটোত শাখাটোৰ প্ৰতিষ্ঠাপক সম্পাদক তথা সমাজকৰ্মী বল্লদেৱ শৰ্মাই শাখাৰ পত্ৰিকা সম্পাদক তৰুণ চন্দ্ৰ বৰাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক "মানুহে মানুহৰ বাবে" শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে।
সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আবুল খয়াৰ আহমেদ, মাহেকীয়া বাৰ্তালোচনী 'ৰণাংগন'ৰ সম্পাদক মিণ্টু দাস, জিলাৰ সহ-সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা, কাৰ্যালয় সম্পাদক অধৰ ঠাকুৰীয়া, জিলা সাহিত্য সভাৰ অন্তৰ্গত বিভিন্ন শাখাৰ সভাপতি-সম্পাদক, শাখাৰ সভাপতি প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে হাইস্কুলখনৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। উল্লেখ্য যে, এই অনুষ্ঠানৰ পিচতে ভূপেন্দ্র সংগীত প্রতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া আঠানববৈ গছি বন্তি প্ৰজ্বলনৰে সুধাকণ্ঠৰ ওপজাদিনৰ কাৰ্যসূচীৰ সফল সামৰণি পৰে ।