নগাঁৱৰ চিকিৎসক দম্পতী আক্ৰান্ত হৈছে ক’ভিডত...

পুনৰ ক'ৰ'নাত আক্ৰান্ত হৈছে বহু লোক ৷ নগাঁৱৰ চিকিৎসক দম্পতী আক্ৰান্ত হৈছে ক’ভিডত ৷ আক্ৰান্ত চিকিৎসক দুগৰাকী হৈছে ৰাহুল দেৱনাথ আৰু প্ৰণতি বৰুৱা ৷
ক’ভিড
ক’ভিড
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁৱঃ পুনৰ ক'ৰ'নাত আক্ৰান্ত হৈছে বহু লোক ৷ নগাঁৱৰ চিকিৎসক দম্পতী আক্ৰান্ত হৈছে ক’ভিডত ৷ আক্ৰান্ত চিকিৎসক দুগৰাকী হৈছে ৰাহুল দেৱনাথ আৰু প্ৰণতি বৰুৱা ৷

দুয়ো তিনিদিন পূৰ্বে আহিছিল হায়দৰাবাদৰ পৰা ৷ বহিঃৰাজ্যৰ পৰা অহাৰ পিছতেই ক’ভিডৰ লক্ষণে দেখা দিছিল দুয়োৰে শৰীৰত ৷ স্বাস্থ্য পৰীক্ষাত ধৰা পৰে ক’ভিডত আক্ৰান্ত হোৱাৰ কথা ৷ অৱশ্যে চিকিৎসক দম্পতীৰ সংস্পৰ্শলৈ অহা সকলো লোকৰে কোভিড নিগেটিভ পৰীক্ষা কৰি পোৱা গৈছে ৷

ৰাহুল দেৱনাথ কন্দলি স্বাস্থ্য কেন্দ্ৰ আৰু তেওঁৰ পত্নী প্ৰণতি বৰুৱা বেবেজীয়া সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ৷ বৰ্তমান দুয়ো নগাঁও চহৰৰ হয়বৰগাঁৱৰ ভাড়াঘৰতে আছুতীয়াকৈ থাকি চিকিৎসা গ্ৰহণ কৰি আছে ৷

ক’ভিড
ড্ৰাগছ আসক্ত স্বামী ধৰা পৰাত বিহ পান কৰি আত্মহত্যা পত্নীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in