নৱৰাত্রিঃ বামুনীগাঁৱত জলাৰোহন কাৰ্যসূচীত পাঁচ শতাধিক মহিলাৰ অংশগ্ৰহণ

 নৱৰাত্রিঃ বামুনীগাঁৱত জলাৰোহন কাৰ্যসূচীত পাঁচ শতাধিক মহিলাৰ অংশগ্ৰহণ
Published on
Updated on

ডিজিটেল সংবাদ , বঢ়মপুৰঃ নগাঁও জিলাৰ বঢ়মপুৰৰ সমীপৱৰ্তী বৃহত্তৰ বামুণী অঞ্চলত বিগত বৰ্ষত প্ৰাণ প্ৰতিষ্ঠা হোৱা মাৰ্বলেৰে নিৰ্মিত দুৰ্গা প্ৰতিমাস্থলীত দেওবাৰৰ পৰা ৯ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হৈছে নৱৰাত্রী দুৰ্গোৎসৱ। সেই উপলক্ষে আজি পুৱাই ধৰ্মধ্বজা উত্তোলন কৰে বঢ়মপুৰ নৱম অসম আৰক্ষী বাহিনীৰ অধিনায়ক মুকুট ৰাভাই । ইয়াৰ পাছতে মন্দিৰ পৰিক্ৰমা আৰু জলযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত হয় ।

পুৱা ৮.৩০ বজাত মন্দিৰৰ পৰা আৰম্ভ হোৱা জলাৰোহণ কাৰ্যসূচীত পাঁচ শতাধিক মহিলাৰ অংশগ্ৰহণেৰে নগাঁও শিৱ মন্দিৰলৈ এক বিশাল জলযাত্ৰা উলিওৱা হয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিৰে সমৃদ্ধ বৃহত্তৰ বামুণী অঞ্চলৰ গৰিষ্ঠসংখ্যক লোকেই এই জলাৰোহন যাত্ৰা কাৰ্যসূচীত অংশ ল'বলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহে ।

ইয়াৰ পাছতে ১১.৫৬ বজাত ঘত স্থাপন আৰু পূজা আৰম্ভ হয় । বিয়লি চণ্ডীপাঠ আৰু সন্ধিয়ালৈ আৰতি আৰু পুষ্পাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । উল্লেখ্য যে , আজিৰ পৰা আৰম্ভ হোৱা এই নৱৰাত্রী দুৰ্গোৎসৱ প্রতিদিনাই বিভিন্ন কাৰ্যসূচীৰে অহা ২৪ অক্টোবৰ অৰ্থাৎ বিজয়া দশমীলৈকে অনুষ্ঠিত হ'ব ।

 নৱৰাত্রিঃ বামুনীগাঁৱত জলাৰোহন কাৰ্যসূচীত পাঁচ শতাধিক মহিলাৰ অংশগ্ৰহণ
হাজোৰ হালোগাঁৱত ভকতৰাম ভাণ্ডাৰ কায়স্থ সোঁৱৰণী ফুটবলৰ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in