নগাঁৱৰ ১৫ খনৰো অধিক গাঁও বানপানীৰ কবলত...

বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ
নগাঁৱৰ ১৫ খনৰো অধিক গাঁও বানপানীৰ কবলত...
নগাঁৱৰ ১৫ খনৰো অধিক গাঁও বানপানীৰ কবলত...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: কপিলী আৰু বৰপানী নদীৰ বানপানীয়ে নগাঁও জিলাৰ কামপুৰ ,ৰহা আৰু নগাঁও সদৰ ৰাজহ চক্ৰৰ বিস্তৃত এলেকাত ব্যাপক ক্ষতিসাধন কৰাৰ পিছত এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ বানপানীৰ কবলত পৰিছে জিলাখনৰ কেবাখনো গাঁও। আজি প্ৰায় তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নগাঁও জিলাৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদী ফেনেফুটুকাৰে বঢ়াত ব্ৰহ্মপুত্ৰৰ জলস্তৰ দ্ৰুত ভাবে বৃদ্ধি হৈছে।

ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে জিলাখনৰ চামগুৰি আৰু কলিয়াবৰ ৰাজহ চক্ৰৰ ১৫খনৰো অধিক গাঁও প্লাৱিত কৰিছে। চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত লাওখোৱা অঞ্চলৰ ৪ নং, ৫নং ভগামূখ, ভুৰবন্ধা বজাৰ, ১নং, ২ নং, ৩ নং আৰু ৪ নং ভুৰবন্ধাকে ধৰি ৮খনৰো অধিক গাঁও বানৰ কবলত পৰিছে।

ইপিনে কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৩ নং, ৪ নং গাখীৰখাইটি ২নং, ৩নং বৰঘূলি, ১নং, ২নং ভুৰবন্ধা, ১নং বিহদুবিকে ধৰি প্ৰায় ৭খন গাঁও বানপানীৰ কবলত পৰিছে। এই গাঁওসমূহ জলমগ্ন হৈ পৰাৰ লগতে বহতৰে ঘৰৰ ভিতৰত পানী সোমাইছে।

বানৰ কবলত পৰা একাংশ লোকে নিৰাপদ স্থানত আশ্ৰয় লৈছে বুলি জানিব পৰা গৈছে। নিশাটোৰ ভিতৰতে বানপানীৰ কবলত পৰি এই অঞ্চলসমূহৰ ৰাইজ সমস্যাৰ সন্মুখীন হৈছে। দুয়োটা ৰাজহ চক্ৰৰ ১৬০ হেক্টৰ কৃষিভূমিৰ ক্ষতিসাধন হোৱাৰ বিপৰীতে ৬ শতাধিক লোক বানত আক্ৰান্ত হৈছে ইপিনে বুঢ়াচাপৰি আৰু লাওখোৱা অভয়াৰণ্যৰ কিছু অঞ্চল ব্ৰহ্মপুত্ৰৰ বানপানীয়ে প্লাবিত কৰিছে।

ফলত অভয়াৰণ্য দুখনৰ জীৱকুলৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। যাৰ বাবে বন বিভাগে টহল দিয়াৰ কাম ক্ষীপ্ৰতৰ কৰি তুলিছে। জীৱ -জন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বনকৰ্মীসকল দিনে নিশাই পহৰা দিয়াত ব্যস্ত হৈ পৰিছে।

ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২৬ টা বন শিবিৰ বানৰ কবলত পৰিছে। বনৰীয়া হাতীকে ধৰি জীৱজন্তু নিৰাপদ স্থান বিচাৰি বুঢ়াপাহাৰ বনাঞ্চলৰ সমীপদি ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে কাৰ্বি পাহাৰৰ দিশে য়োৱা পৰিলক্ষিত হৈছে। ইপিনে নগাঁও জলসম্পদ বিভাগে জনোৱা তথ্য অনুসৰি নগাঁও জিলাৰ শিলঘাটত জলপৃষ্ঠ বৃদ্ধি হৈ আছে।

দেওবাৰৰ তুলনাত আজি জলপৃষ্ঠ যথেষ্ট বৃদ্ধি হৈছে । আজি বিয়লি ৪বজাৰ তথ্য অনুসৰি শিলঘাটত ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ ৫৭ ছেণ্টিমিটাৰ ওপৰেৰে বৈ আছে।আনহাতে কামপুৰত কপিলীৰ জলপৃষ্ঠ বৃদ্ধি হৈছে যদিও বিপদসীমাৰ তলেৰে বৈ আছে। নগাঁও চহৰত কলং নৈৰ জলপৃষ্ঠ অপৰিবৰ্তিত আছে। অৱশ্যে বিপদসীমাৰ তলেৰে বৈ আছে। আজিৰ দৰে বৰষুণ অব্যাহত থাকিলে নগাঁও জিলা আন এক ভয়ংকৰ বানপানীৰ কবলত পৰাৰ সম্ভাৱনা আছে।

নগাঁৱৰ ১৫ খনৰো অধিক গাঁও বানপানীৰ কবলত...
বিশিষ্ট গৱেষক পণ্ডিত ড০ দীপ্তি ফুকন পাটগিৰিৰ অভিনন্দন গ্ৰন্থ উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in