নগাঁও আৰক্ষীৰ জালত অধ্যক্ষ : শীৰ্ষ আৰক্ষী বিষয়াক কৰ্ম খতিয়ান নিদিয়ে সহকাৰী পৰিদৰ্শকে

নগাঁৱৰ সোনাইঘাটত ঔষধ ব্যৱসায়ী হাফিজুৰ ৰহমানৰ ওপৰত চলোৱা গুলীচালনা ঘটনাৰে জড়িত থকা সন্দেহত নগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰিছে হাইদৰ আলি নামৰ আন এজন লোকক

author-image
Asomiya Pratidin
New Update
নগাঁও আৰক্ষীৰ জালত অধ্যক্ষ : শীৰ্ষ আৰক্ষী বিষয়াক কৰ্ম খতিয়ান নিদিয়ে সহকাৰী পৰিদৰ্শকে

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ সোনাইঘাটত ঔষধ ব্যৱসায়ী হাফিজুৰ ৰহমানৰ ওপৰত চলোৱা গুলীচালনা ঘটনাৰে জড়িত থকা সন্দেহত নগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰিছে হাইদৰ আলি নামৰ আন এজন লোকক ৷ হাইদৰ আলি হৈছে বিতৰ্কিত ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠান হাম এক ৰুৰেল কলেজৰ অধ্যক্ষ ৷ পূৰ্বতে আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ সঞ্চালক ইনামূল হাচানক গ্ৰেপ্তাৰ কৰিছিল ৷

২৬ জুনৰ নিশা ব্যৱসায়ী হাফিজুৰ ৰহমানৰ ওপৰত দুই ভেৰনীয়া ঘাতকে গুলীচালনা কৰিছিল ৷ বাঁও বাহুত গুলি লাগিছিল যদিও হাফিজুৰ মৃত্যুৰ পৰা ৰক্ষা পালেও গুলী হাওঁফাওঁৰ তলত লাগি ৰোৱাত সংকটজনক অবস্থাত আছিল ৷ নগাঁৱৰ পৰা গুৱাহাটীলৈ ব্যৱসায়ীজনক লৈ যোৱাৰ দুদিনৰ পিছতহে চিকিৎসকে দেহৰ ভিতৰত থকা গুলীৰ অৱস্থিতি ধৰা পেলাবলৈ সক্ষম হয় ৷

গুলীবিদ্ধ হাফিজুৰে এই ঘটনাৰে ইনামূল , হাইদৰ আৰু এজন লোক জড়িত বুলি অভিযোগ কৰিছিল ৷ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ২৬ জুনৰ নিশাই ইনামূল হাচানক কৰায়ত্ব কৰে ৷ পিছত চাৰি দিন পলাতক অৱস্থাত থকা হাইদৰ আলিক কৰায়ত্ব কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী ৷ হোজাই মহকুমাৰ ডবকা চাংমাঝিৰ পৰা পলাতক অৱস্থাত থকা হাইদৰক বৃহস্পতি বাৰৰ নিশা কৰায়ত্ব কৰে হয়বৰগাঁও টাউন আৰক্ষী চকীৰ বিষয়া জগদীশ কলিতাৰ নেতৃত্ব যোৱা আৰক্ষীৰ দল এটাই ৷

অভিয়ুক্ত হাইদৰক কৰায়ত্ব কৰি আৰক্ষীয়ে নগাঁও সদৰ থানাৰ লকআপত ৰাখে ৷ হাইদৰৰ লগতে চৈয়দুৰ ৰহমান নামৰ আন এজন লোককো এছ আই জগদীশ কলিতাই কৰায়ত্ব কৰি নগাঁৱলৈ আনি ইটাচালি টাউন আৰক্ষী চকীত ৰাখে ৷

অভিযোগ মতে এছ আই কলিতাই চৈয়দুৰ ৰহমানক কৰায়ত্ব কৰা বিষয়টো শীৰ্ষ বিষয়াৰ পৰা লুকুৱাই ৰখাটো ৰহস্যজনক ৷ ৰহমানৰ ঘৰ নগাঁও জিলাৰ জুৰীয়া আধাখুন্দাত ৷ ডবকাৰ চাংমাঝিৰ শহুৰৰ ঘৰত ঘৰ জোৱাই হিচাপে থাকিবলৈ লৈছিল চৈয়দুৰ ৰহমান ৷ ৰহমানৰ শহুৰৰ ঘৰতে আশ্ৰয় লৈ আছিল পলাতক হাইদৰ আলিয়ে ৷

যি সময়ত অসম আৰক্ষীৰ একাংশ বিষয়াৰ কামকাজৰ বাবে স্বয়ং ডি আই জিয়ে ক্ষমা খুজিবলৈ বাধ্য হৈছে সেই সময়তে নগাঁৱত নিশা চৈয়দুৰ ৰহমানক কৰায়ত্ব কৰি আনি শীৰ্ষ বিষয়াক অৱগত নকৰাকৈ আবদ্ধ কৰি ৰখাৰ কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে ৷

Also Read: ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত "কিশোৰী স্বাস্থ্য আৰু পৰিচ্ছন্নতা" শীর্ষক সজাগতা সভা...

Assam police