নগাঁও চিকিৎসা মহাবিদ্যালয়ত আজিৰে পৰা পাঠদানৰ শুভাৰম্ভ কৰাব মুখ্যমন্ত্ৰীয়ে

নগাঁও চিকিৎসা মহাবিদ্যালয়ত আজিৰে পৰা পাঠদানৰ শুভাৰম্ভ কৰাব মুখ্যমন্ত্ৰীয়ে

author-image
Asomiya Pratidin
New Update
নগাঁও চিকিৎসা মহাবিদ্যালয়ত আজিৰে পৰা পাঠদানৰ শুভাৰম্ভ কৰাব মুখ্যমন্ত্ৰীয়ে

ডিজিটেল সংবাদ ,নগাঁও: ৰাজ্যৰ আন ১১ খন চিকিৎসা মহাবিদ্যালয়ৰ লগতে নতুনকৈ প্ৰতিষ্ঠা হোৱা নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ শুকুৰবাৰৰ পৰা প্ৰথমবাৰৰ বাবে চিকিৎসা বিজ্ঞানৰ প্ৰথম বৰ্ষৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হ'ব। নগাঁৱৰ মহখুলিত আজি পুৱা ১১ বজাত এই পাঠদান প্ৰক্ৰিয়াৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীৰ আগমনৰ উপলক্ষে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ চৌহদ সজাই পৰাই তোলা হৈছে। উল্লেখযোগ্য যে, নতুনকৈ প্ৰতিষ্ঠা হোৱা নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ লগতে নলবাৰী আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰো আজিৰে পৰা চিকিৎসা বিজ্ঞানৰ পাঠদান আৰম্ভ হ'ব।নগাঁৱৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নলবাৰী আৰু কোকৰাঝাৰৰ পাঠদান আৰম্ভ কৰোৱাব ৷

Also Read: কোন হ'ব 'ইণ্ডিয়া'ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী মুম্বাইত ২৮টা বিৰোধী দলৰ বৈঠক...

himanta biswa sarma