৭০ হাজাৰ টকাত নিজ সন্তানক বিক্ৰীৰ চেষ্টা কৰি আটক দম্পতী

৭০ হাজাৰ টকাত নিজ সন্তানক বিক্ৰীৰ চেষ্টা কৰি আটক দম্পতী
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও: শিশু বিক্ৰীৰ ঘটনাক কেন্দ্ৰ কৰি নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। ৭০ হাজাৰ টকাক নিজ সন্তানক বিক্ৰীৰ চেষ্টা কৰি আৰক্ষীৰ জালত পৰে দম্পতী ৷ জহিৰুল ইছলাম নামৰ এজন লোকে নিজ সন্তানক বিক্ৰী কৰিবলৈ ওলোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আৰক্ষীয়ে এই ঘটনাৰে জড়িত জহিৰুল আৰু চামচুল নেহাৰক আটক কৰিছে ৷

এই সমগ্ৰ ঘটনা পোহৰলৈ আনে জহিৰুল ইছলামৰ প্ৰথমা পত্নীয়ে ৷ সোমবাৰে প্ৰথমা পত্নীৰ নগাঁও মেডিকেল কলেজলৈ আহোতে স্বামী জহিৰুলৰ সৈতে সাক্ষাত হয় ৷ এই সাক্ষাতৰ সময়তে জহিৰুলৰ দ্বিত্বীয়া পত্নীয়ে এটি সন্তান জন্ম দিয়াৰ কথা জানিব পাৰে প্ৰথমা পত্নীয়ে ৷ দুদিন পূৰ্বে জন্ম দিয়া সন্তানটো সোমবাৰে গ্ৰাহকক বিক্ৰী কৰিব বুলি জানিব পাৰি প্ৰথমা পত্নীয়ে চিকিৎসা মহাবিদ্যালয়ৰ নিৰাপত্তাৰক্ষীক অৱগত কৰে ৷

জানিব পৰা মতে, জহিৰুলে কছুৱাৰ এজন লোকৰ পৰা আগধন হিচাপে ২০০ টকা আদায় লৈছিল ৷ নৱজাতক সন্তানটো বিক্ৰী কৰি জহিৰুল আৰু চামচুল নেহাৰ নগাঁৱৰ পৰা কেৰেলালৈ গুছি যোৱাৰ পৰিকল্পনা কৰিছিল ৷

ইফালে সন্তান ক্ৰয় কৰিবলৈ আহি চিকিৎসা মহাবিদ্যালয়ত সৃষ্টি হোৱা পৰিৱেশৰৰ বাবে গ্ৰহকজনে পলায়ন কৰে৷ নগাঁৱৰ চলচলিত ভাড়া ঘৰত দ্বিতীয়া পত্নীৰে বসবাস কৰা জহিৰুলে সন্তান বিক্ৰী কৰিব বিছৰা ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

৭০ হাজাৰ টকাত নিজ সন্তানক বিক্ৰীৰ চেষ্টা কৰি আটক দম্পতী
নৱম ইলোৰা-অজন্তা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ 'নেলীৰ কথা'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in