ডিজিটেল সংবাদ নগাঁও: ঘন্টাত দহ টকাত বিক্ৰি নগাঁৱৰ ৰাজপথ ৷ চহৰখনৰ একাংশ ৰাজপথ অনা অসমীয়াৰ দখলত ৷ একাংশ অভব্য যুবকক হাজিৰা দি এই অনাঅসমীয়া লোকে নগাঁৱৰ ৰাজপথ বিক্ৰি কৰি আহিছে দিনৰ পোহৰত ৷
নগাঁও আৰক্ষী, নগাঁও পৌৰসভা, নগাঁও উপায়ুক্ত কাৰ্যালয় ৰাজপথ বিক্ৰি কৰা এইসকল অসাধু লোকৰ পক্ষত ৷ নগাঁও পৌৰসভাই নগাঁও চহৰৰ পথসমূহ লেচীৰ হাতত গতাই দিছে ৷ এই পথ সমূহত দুচকীয়া বাহন, তিনি-চাৰিচকীয়া বাহন আদি ৰখালে লেচীক দিব লাগে পাচঁ আৰু দহটকা নিৰীক্ষত ধন ৷
নগাঁও পৌৰসভাই এই লেচীসকলক বাহন পাৰ্ক কৰাৰ বিনিময়ত ধন সংগ্ৰহ কৰিবলৈ কিছু নীতি নিৰ্ধাৰণ কৰি দিছে ৷ পৌৰসভাৰ কোনো নিয়ম নামনে এই লেচীসকলে ৷ বিপৰিতে লেচীৰ ওপৰত কোনো ব্যৱস্থা নলয় নগাঁও পৌৰসভাই ৷
নগাঁও পৌৰসভাৰ পৰা পাৰ্কিঙৰ দায়িত্ব লৈ একাংশ লেচীয়ে এতিয়া সাধাৰন লোকৰ ওপৰত ডকাইতি চলাই আছে ৷ নিয়ম মতে পাৰ্কিঙ ৰছিদ নিদিয়ে লেচীয়ে ৷ ৰছিদত নাথাকে লেচীৰ নাম বা যোগাযোগ নম্বৰ ৷ পৌৰসভাৰ অনুমোদিত ৰছিদ ব্যৱহাৰ নকৰে এইসকল দিন ডকাইত লেচীয়ে ৷
লেচিৰ অভব্য আচৰনৰ বাবে নগাঁও চহৰলৈ বাহনত পৰিয়াল লৈ সাধাৰন লোক ওলাই আহিবলৈ ভয় কৰা হৈছে ৷ ঘন্টাত চাৰিচকীয়া বাহন পাৰ্কিঙৰ নামত দহ টকাকৈ গুণ্ডামিৰে আদায় কৰি আহিছে লেচীয়ে ৷
ইয়াৰ প্ৰতিবাদ কৰিলে লেচীয়ে নিজকে বিজেপি নেতা বুলি পৰিচয় দি ভাবুকি দিয়ে নগাঁও আৰক্ষীৰ লকআপত ভৰাই থোৱাৰ ৷ অভিযোগ মতে পাৰ্কিঙত দিনটো গাড়ী ৰখালে ৫০০ টকা পৰ্যন্তলৈকে ধন আদায় লয় এই লেচীয়ে ৷ ধন আদায় নিদিলে আৰক্ষীৰ দ্বাৰা দুহেজাৰ টকাৰ জৰিমনা বিহায় এই লেচীসকলে ৷
উল্লেখ্য এই যে, এই লেচীসকলে পথসমূহত একাংশ যুবকক নিয়োগ কৰি ৰাখিছে ৷ লেচীৰ দ্বাৰা নিয়োজিত এই যুবকসকলৰ পৰিচয় জানিব পৰা নায়ায় ৷ গুণ্ডাগিৰিৰে ধন আদায় কৰাৰ অভিযোগ উঠিলে লেচীয়ে তেনে কৰ্মচাৰীক কিছুদিনৰ বাবে কামৰ পৰা আতৰাই ৰাখে ৷
এই ক্ষেত্ৰত নগাঁও পৌৰসভাৰ কোনো নিয়ন্ত্ৰন নাই এই লেচীসকলৰ ওপৰত ৷ অভিযোগ মতে গুণ্ডামিৰে পাৰ্কিঙৰ নামত অতিৰিক্ত ধন আদায় কৰা এই লেচীসকলে নগাঁও পৌৰসভাৰ একাংশ মহলা আয়ুক্তক সন্তুষ্ট কৰি এইদৰে লুটপাত চলাই গৈছে৷
Also Read: মণিপুৰ নিয়ন্ত্ৰণ কৰিবলৈ শ্ৰীনগৰ আৰক্ষীৰ শীৰ্ষ বিষয়া ৰাকেশ বলৱালক দায়িত্ব...