ডিজিটেল সংবাদ, নগাঁওঃ বুধবাৰে নগাঁও জিলাৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত আগন্তুক ৮৮ নং চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ সন্দৰ্ভত সংবাদ কৰ্মী সকলৰ সৈতে এখন বিশেষ সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত আয়ুক্ত গৰাকীয়ে আগন্তুক উপ নিৰ্বাচনত সংবাদ কৰ্মী সকলৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি-নিৰ্দেশনা সমূহৰ বিষয়ে অৱগত কৰি তেখেতে আগন্তুক নিৰ্বাচনত সকলোৰে সহায়-সহযোগিতা কামনা কৰে।
চামগুৰি সমষ্টিত এইবাৰৰ উপ নিৰ্বাচনত মুঠ ১,৮০,৪৪৮ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ৯১,৩০৪ গৰাকী পুৰুষ ভোটাৰ, ৮৯,১৩৩ গৰাকী মহিলা আৰু ১১ গৰাকী তৃতীয় লিঙ্গৰ ভোটাৰ আছে। চামগুৰি বিধানসভা সমষ্টিত ১৯৭ টা ভোটগ্ৰহণ কেন্দ্ৰত এইবাৰৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হব। অহা ১৩ নৱেম্বৰ বুধ বাৰে অনুষ্ঠিত হবলগা চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত অৱৰ্তীন প্ৰাৰ্থী সকলৰ মনোনয়ন পত্ৰ ১৮ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈকে গ্ৰহণ কৰা হব।
২৮ অক্টোবৰ মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰা হব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ অক্টোবৰ আৰু ২৩ নৱেম্বৰত ভোট গণনা অনুষ্ঠিত কৰা হব। ইয়াৰ উপৰিও আজি জিলা আয়ুক্ত গৰাকীয়ে জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ৰাজনৈতিক দল সমূহৰ প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত হোৱা সভাত আইন শৃংখলা আৰু নিৰ্বাচনী আচৰণ বিধিৰ নীতি নিয়ম সমূহৰ বিষয়ে অৱগত কৰাৰ লগতে বিষদভাৱে আলোচনা কৰে।
জিলা আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে, এই চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে নিৰ্বাচনী আচৰণ বিধি সমগ্র জিলাখনতে প্ৰযোজ্য হব। এই সভাত জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, ৰহা সমজিলাৰ সম আয়ুক্ত ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, অতিৰিক্ত আয়ুক্ত দ্বয় ক্ৰমে-সুদীপ নাথ, কাকু মণি শইকীয়া, নিৰ্বাচনী বিষয়া শেখৰণ ফুকন, জিলা তথ্য আৰু জনসংযোগ বিষয়া, শ্ৰীমতী মন্দিৰা চায়েঙিয়া উপস্থিত থাকে ।