আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ২৭জন নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী

dangor khabar
dangor khabar
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও : নগাঁও আৰক্ষীৰ বৃহৎ অভিযান । ২৭ জনকৈ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। কঠিয়াতলি, ননৈ , নগাঁৱৰ বিভিন্ন প্ৰান্তত এই সকল ড্ৰাগছ পেডলাৰে বিগত সময়ত হেৰ’ইন বিক্ৰী কৰি আহিছিল । শনিবাৰৰ পৰা আৰক্ষীয়ে চলোৱা মাৰথান অভিযানত ২৭ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হয় ।

শনিবাৰে নগাওঁ চহৰৰ হেৰাপট্টিত নগাঁও আৰক্ষীৰ এক অভিযানত গ্ৰেপ্তাৰ হৈছিল ৰহিমা খাতুন আৰু আফাজ উদ্দিন । এই দুইজন ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল চাৰিটা চাবোনৰ বাকচত ভৰোৱা হেৰ’ইন আৰু ৩.৫০ লাখ টকা নগদ ধন। মাটিত গাত খান্দি এই ধন পুতি থৈছিল ৰহিমা আৰু আফাজে ।

এই দুজন ড্ৰাগছ ব্যৱসায়ীৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে চলোৱা অভিযানতে গ্ৰেপ্তাৰ হয় ২৭ জন লোক । তালিকাত আছে দিলদাৰ হুছেইন , সমীৰ খান , বাহাৰুল ইছলাম , ইক্ৰামূল হুছেইন , আব্দুল মালেক , ৰমেশ ওৰাং , অবিনাশ দাস , সৰুজান হুছেইন , মান্না আক্তাৰ , ফাইজুদ্দিন হক , বাবুল হুছেইন , বিদ্যুৎ কাকতী , হাচেন আলি , আফজল খান , মুজিবুৰ হক , বাহাৰুল ইছলাম , চাহিদুৰ জামান , ইক্ৰামূল হুছেইন , মাছুদ আলম , মনজিৎ গায়ন , সনজিব দেবনাথ , চাদ্দাম হুছেইন , আৰিফুল ইছলাম , গোপাল হুছেইন , বিকাশ কুমাৰ শ্বাহ , আব্দুল ৰহমান , মোহম্মদ আলাল উদ্দিন ।আটাইৰে বিৰুদ্ধে নগাঁও সদৰ থানাত ৭২৩/২০২৪ নম্বৰত এক গোছৰ ৰুজু কৰি আদালতত হাজিৰ কৰে ড্ৰাগছ পেডলাৰ সকলক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in