উদঙ আৰক্ষী চকী : ৰাইজে ধৰি দিয়া চোৰ পলাল আৰক্ষীৰ জিম্মাৰ পৰা...

উদঙ আৰক্ষী চকী : ৰাইজে ধৰি দিয়া চোৰ পলাল আৰক্ষীৰ জিম্মাৰ পৰা...
উদঙ আৰক্ষী চকী : ৰাইজে ধৰি দিয়া চোৰ পলাল আৰক্ষীৰ জিম্মাৰ পৰা...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: ৰাইজে ধৰিছিল চোৰ ৷ পিছত গতাই দিছিল আৰক্ষীক ৷ মৰিকলং টাউন আৰক্ষী চকীক গতাই দিয়া চোৰক আৰক্ষীয়ে ধৰি ৰাখিব নোৱাৰিলে ৷ চোৰ পলাল মৰিকলঙ টাউন আৰক্ষী চকীৰ পৰা ৷

বিয়লি ভাগত আৰক্ষী চকীৰ পৰা চোৰ পলোৱা বিষয়টো গাপ দিব বিছাৰিছিল ৷ সাংবাদিকে লগালে কেনা ৷ চোৰৰ খবৰ বিচাৰি মৰিকলং টাউন আৰক্ষী চকীত সংবাদকৰ্মী ৷ হুচ আহিল আৰক্ষীৰ ৷

আৰক্ষী চকীৰ কৰ্মৰত দহজন বিষয়া কৰ্মচাৰীৰ লাগিল হুৱা দুৱা ৷ চোৰ বিচাৰি যি যেনেকৈ পাৰে ওলাই গ’ল ৷ হেণ্ডকাপসহ যোৱা চোৰক নিশা ৮:৩০ বজালৈকে কৰায়ত্ব কৰিব পৰা নাই ৷ ইফালে আৰক্ষী চকীখনত নাই কোনো আৰক্ষী ৷ উদঙ হৈ পৰে আৰক্ষী চকীখন ৷

শেহতীয়াকৈ নগাঁও চহৰত ব্যাপক হাৰত দিনে নিশাই চুৰি কাৰ্য সংঘটিত হৈ আছে ৷ সাধাৰন লোকক নিৰাপত্তা দিয়াত ব্যৰ্থ নগাঁও আৰক্ষী ৷ ইয়াৰ মাজতে ৰাইজে ধৰি দিয়া চোৰৰ আৰক্ষী চকীৰ পৰা পলায়ন ৷

উদঙ আৰক্ষী চকী : ৰাইজে ধৰি দিয়া চোৰ পলাল আৰক্ষীৰ জিম্মাৰ পৰা...
ছেপ্টিপিন খোৱা সাতমহীয়া শিশুৰ সাত দিনৰ মৰণকাতৰ সংগ্ৰাম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in