নগাঁৱত সজীৱ গুলী-পিষ্টলসহ গ্ৰেপ্তাৰ ২ডকাইত

নগাঁৱত সজীৱ গুলী-পিষ্টলসহ গ্ৰেপ্তাৰ ২ডকাইত
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰৰ সমীপৱৰ্তী তথা ৰূপহীহাট পথৰ ঔ-অনাত দেওবাৰে বিয়লি নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অভিযানকাৰী দলে এখন ধাবাৰ পৰা পিষ্টলসহ ২টা ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, এক বিশেষ সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ অভিযানকাৰী দলটোৱে ঔ-অনাৰ সোৱণশিৰি নামৰ ধাবাখনৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত দুজনক।

অভিযুক্তৰ দুজনৰ পৰা আৰক্ষীয়ে দুই জাঁই সজীৱ গুলীসহ এটা ৭.৬৫ এম এম পিষ্টলো জব্দ কৰিছে। ধৃত ডকাইত দুটা চহৰখনৰে সমীপৱৰ্তী চিলঙনীৰ শ্বৰিফুল ইছলাম আৰু শ্বহিদুল ইছলাম বুলি চিনাক্ত কৰা হয়। সম্প্ৰতি আৰক্ষীয়ে দুয়োক নগাঁও সদৰ থানাত সোধাপোছ অব্যাহত ৰাখিছে।

নগাঁৱত সজীৱ গুলী-পিষ্টলসহ গ্ৰেপ্তাৰ ২ডকাইত
সম্পন্ন হ'ল মাষ্টাৰ্ছ সাঁতোৰ প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in