ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ ৰূপহীহাটৰ ঔঅনাত গুলীচালনাৰ ঘটনা। এই ঘটনা সংঘটিত কৰে এটা ডকাইতৰ দলে। আৰক্ষী অহাৰ উমান পাই গুলী ফুটাই পলায়ন কৰিবলৈ চেষ্টা চলাইছিল ডকাইতৰ দলটোৱে।
ঘটনা অনুসৰি অঞ্চলটোত দীৰ্ঘদিনৰ পৰা সংঘটিত হৈ আহিছিল জাল নোট সৰবৰাহ তথা ডকাইটিৰ ঘটনা। এই সন্দৰ্ভত এক গোপন খবৰৰ ভিত্তিত আৰক্ষীৰ এছ টি এফৰ এটা দলে অঞ্চলটোত অভিযান চলাই থকাৰ উমান পাই গুলী ফুটাই পলায়ন কৰাৰ চেষ্টা কৰে ডকাইতকেইটাই।
অৱশ্যে ডকাইতৰ দলটোক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। ডকাইতকেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে চাৰিটাকৈ সক্ৰিয় পিষ্টল, সজীৱ গুলী জব্দ কৰা হয়। লগতে অপৰাধত ব্যৱহাৰ কৰা এ এছ ০৩ এইছ ৯১৩৩ নম্বৰৰ মাৰুতি বাহন আৰু ৪ টা মোবাইল ফোনো জব্দ কৰে আৰক্ষীয়ে।
পিষ্টলধাৰী চাৰিও ডকাইত ক্ৰমে ৰূপহীহাটৰ গেৰেকী গাঁৱৰ অশ্বিকুল খান, তামুলীটোপৰ নাজমুল হক, মজিবুৰ ৰহমান আৰু তামুলীটোপ অঞ্চলৰ নাজমুল বুলি জানিব পৰা গৈছে।
ঘটনাৰ সংক্ৰান্তত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯২/৩৯৪/৪২০/৩৪ ধাৰা আৰু Arms Actৰ ২৫(১)(ক) ধাৰাৰ অধীনত এছ টি এফ থানাৰ ৮/২০২৩ নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত চলোৱা হৈছে।
Also Read: বিলাহী বিক্ৰী কৰি কোটিপতি হ'ল এজন কৃষক...