নগাঁৱৰ জেষ্ঠ সাংবাদিক অখিল চন্দ্ৰ দাসৰ মৃত্যু...

নগাঁৱৰ জেষ্ঠ সাংবাদিক অখিল চন্দ্ৰ দাসৰ মৃত্যু...
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ জেষ্ঠ্য সাংবাদিক অখিল চন্দ্ৰ দাসৰ দেওবাৰে (৬৪) বিয়লি আকস্মিকভাৱে মৃত্যু হয়। সদা হাস্য মুখে থকা অখিল দাস মৃত্যুৰ কিছুসময় আগলৈকে সুস্থ হৈ আছিল। দাসৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁৱৰ সাংবাদিক মহল শোকত ম্ৰিয়মান হৈ পৰে।

তেওঁ দৈনিক যুগসংঘ কাকতত ২০০১ চনৰ পৰা নগাঁৱৰ পৰা সাংবাদিকতা কৰি আছিল। নগাঁও প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত দাসে নগাঁও প্ৰেছ ক্লাৱৰ উপসভাপতি ,উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসম বাৰ্তাজীৱি সংঘৰ প্ৰাক্তন মাণ্ডলিক উপসভাপতি ,নগাঁও জিলা বাৰ্তাজীৱি সংঘৰ প্ৰাক্তন সভাপতি হিচাপে নিষ্ঠাৰে দ্বায়িত্ব পালন কৰিছিল।

তেওঁ সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতি ,নগাঁও বেঙ্গলী সন্মিলনীকে ধৰি বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছিল। তেওঁৰ মৃত্যুত নগাঁও প্ৰেছ ক্লাৱ ,অসম বাৰ্তাজীৱি সংঘ , নগাঁও ইলেক্ট্ৰনিক মিডিয়া এচ'ছিয়েশ্বনৰ,আজুৰ নগাঁও জিলি সমিতি ,আপকুৰ নগাঁও জিলা সমিতি ,নগাঁও জিলা বাৰ্তাজীৱি সংঘ , সদৌ অসম গ্ৰাম্য পুথিভৰাল সন্থা ,গ্ৰাম বিকাশ পৰিষদ ,নগাঁও বেঙ্গলী সন্মিলন আদিয়ে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী একমাত্ৰ পুত্ৰ ,বোৱাৰী সহ বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in