নগাঁও বিশেষ পক্স' আদালতৰ ৰায়দান : কিশোৰী নিৰ্যাতনৰে অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড

এজনক ২০বছৰ সশ্ৰম কাৰাদণ্ড
নগাঁও বিশেষ পক্স' আদালতৰ ৰায়দান : কিশোৰী নিৰ্যাতনৰে অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও : বৃহস্পতিবাৰে নগাঁৱৰ বিশেষ পস্ক' আদালতৰ ন্যায়ধীশ অনুৰাগ জিন্টু বৰুৱাই এক ৰায়দানযোগে এগৰাকী কিশোৰীৰ ধৰ্ষণৰ এক গোচৰৰ সন্দৰ্ভত আচামী মুছলেমুদ্দিনক দোষী সাব্যস্ত কৰি ২০বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে দহ হেজাৰ টকাৰ জৰিমণা বিহে। দহ হেজাৰ টকা অনাদায়ে তেওঁক আৰু এবছৰ সশ্ৰম কাৰাদণ্ড বিহা হয়। গোচৰটোৰ সন্দৰ্ভত আচামীক ভাৰতীয় দণ্ডবিধিৰ ৩৭৬(দুই)(আই)ৰ অধীনত দণ্ড বিহা হয়।

স্মৰ্তব্য যে,বিগত ২০১৫ চনত জুৰীয়া চিতলমাৰীৰ মুজলেমুদ্দিন নামৰ লোকজনে ভুক্তভোগী কিশোৰীগৰাকীক ঘৰত কাম কৰাবলৈ আনি ঘৰত কোনো নথকা অৱস্থাত ধৰ্ষণ কৰিছিল। ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পিতৃয়ে জুৰীয়া আৰক্ষী থানাত মুছলেমুদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

আনহাতে, জিলাখনৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘিলানীআটি গাঁৱত বিগত ২০২১ বৰ্ষৰ ১৬ ছেপ্টেম্বৰত সংঘটিত হৈছিল আন এক জঘন্য ঘটনা। সঞ্জীৱ হাজৰিকা নামৰ এজন লোকে নিজৰ চাৰে চাৰি বছৰীয়া কন্যাক যৌন উৎপীড়ন চলোৱা বুলি শিশুটিৰ মাতৃ তথা আচামীৰ পত্নীয়ে কামপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল।

পৰৱৰ্তী কালত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় নগাঁও বিশেষ পক্স' আদালতত।গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি আজি নগাঁও বিশেষ পক্স'আদালতৰ ন্যায়ধীশ অনুৰাগ জিন্টু বৰুৱাই এক ৰায়দানযোগে আচামী সঞ্জীৱ হাজৰিকাক দোষী সাব্যস্ত কৰে আৰু যাৱজ্জীৱন কাৰাদণ্ড বিহে।লগতে দহ হেজাৰ টকাৰ জৰিমণা বিহে।

আচামীক ভাৰতীয় দণ্ডবিধিৰ ৩৭৬(এ বি)আৰ/ডব্লিউ পস্ক'এক্টৰ অধীনত দণ্ড বিহা হয়। দুয়োটা গোচৰৰ চৰকাৰী অধিবক্তা আছিল মানস জ্যোতি নেওগ।

নগাঁও বিশেষ পক্স' আদালতৰ ৰায়দান : কিশোৰী নিৰ্যাতনৰে অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড
অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আনন্দ প্ৰকাশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in