ৰাজেন গোঁহাইৰ বিৰুদ্ধে নগাঁও ক্ৰীড়া সন্থাৰ অভিযোগ

ৰাজেন গোঁহাইৰ বিৰুদ্ধে নগাঁও ক্ৰীড়া সন্থাৰ অভিযোগ
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইয়ে খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে নগাঁও ক্ৰীড়া সন্থা সোচ্চাৰ হৈ উঠিছে ৷ কালিলৈকে নিশ্চুপ হৈ থকা নগাঁও ক্ৰীড়া সন্থাই এইবাৰ ৰাজেন গোঁহাইৰ বিৰুদ্ধে আনিছে গুৰুতৰ অভিযোগ ৷

ক্ৰীড়া সন্থাক দিব লগা ধন আদায় দিবলৈ ৰাজেন গোঁহাইক নগাঁও ক্ৰীড়া সন্থাই ৩দিনৰ সময়সীমা বান্ধি দিয়ে ৷ ক্ৰীড়া সন্থাৰ উল্লেখ কৰে যে, ৬ টা বছৰে নগাঁও ক্ৰীড়া সন্থাৰ জিম ঘৰটো প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইয়ে দখল দি ৰাখিছিল ৷

খেলুৱৈক শাৰীৰিক ব্যায়াম কৰিবলৈ দিয়াৰ পৰিবৰ্তে জিম গৃহটি তেওঁ দেহৰক্ষীক থাকিবলৈ দিহা কৰি দিছিল ৷ এই সন্দৰ্ভত শুকুৰবাৰে নগাঁও ক্ৰীড়া সন্থাই এখন সংবাদমেল আয়োজন কৰে। সংবাদমেলত সন্থাৰ সম্পাদক তপন দাসে উল্লেখ কৰে যে, ৩ দিনৰ ভিতৰত ৰাজেন গোঁহাইক জিম ঘৰটো মুকলি কৰি দিবলৈ সকিয়নি দিয়ে।

উল্লেখযোগ্য যে ২০১৯ চনৰ পৰাই ক্ৰীড়া সন্থাৰ জিম খানাটো গোঁহাইয়ে নিজ ইচ্ছাৰে ব্যৱহাৰ কৰি আছিল। লগতে সম্পাদক তপন দাসে কয় যে, প্ৰতিদিনে ১ হেজাৰ টকাকৈ হ'লেও বিগত ৬ বছৰত প্ৰায় ২১ লাখ টকাৰ এটকাও আদায় দিয়া নাই প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইয়ে ৷

ৰাজহুৱা অনুষ্ঠানটি জীয়াই ৰখাৰ স্বাৰ্থত ৰাজেন গোঁহাইয়ে নিজৰ নিৰাপত্তাৰক্ষী ৰখা জিম গৃহটিৰ ভাড়া আদায় দি নিৰ্দশন দেখুৱাবলৈ সংবাদমেলযোগে সন্থাই আহ্বান জনায় ৷ উল্লেখ্য যে, শেহতীয়াকৈ অনুষ্ঠিত হোৱা নগাঁও ক্ৰীড়া সন্থাৰ নিৰ্বাচনত সভাপতি হিচাপে নিৰ্বাচিত হৈছিল বিধায়ক ৰূপক শৰ্মা ৷ সভাপতি পদৰ বাবে ৰাজেন গোঁহাইয়ে মনোনয়ন দাখিল কৰিছিল যদিও পিছত তেওঁ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছিল ৷

ৰাজেন গোঁহাইৰ বিৰুদ্ধে নগাঁও ক্ৰীড়া সন্থাৰ অভিযোগ
বৰিমাখাত ‘দিহা নাম’ আৰু ‘খেৰাই নাচ’ কৰ্মশালাৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in