বিনামূলীয়া সামগ্ৰী বিতৰণৰ নামত ধন সংগ্ৰহ নগাঁও মহকুমা অনুসূচিত জাতি উন্নয়ন ব'ৰ্ডৰ

বিনামূলীয়া সামগ্ৰী বিতৰণৰ নামত ধন সংগ্ৰহ নগাঁও মহকুমা অনুসূচিত জাতি উন্নয়ন ব'ৰ্ডৰ

Published on

ডিজিটেল সংবাদ,নগাঁও: অনুসূচিত জাতিৰ লোক সকলৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে গঠন কৰা অনুসূচিত জাতি কল্যাণ পৰিষদ একাংশৰ বাবে সোণৰ কণী পৰা হাঁহ হৈ পৰা পৰিলক্ষিত হৈছে।সেৱাৰ পৰিৱৰ্তে লুন্ঠনৰ প্ৰকোপ বেছি হোৱা হেতুকে এই কল্যাণ পৰিষদ খনৰ জৰিয়তে ৰূপায়িত বিভিন্ন আঁচনিৰ পৰা ৰাজ্যখনৰ লাখ লাখ অনুসূচিত জাতিৰ লোক সকল উপকৃত হ'ব পৰা নাই।

দুৰ্নীতি -অনিয়ম আৰু ধাৰাবাহিক লুন্ঠনৰ বাবেই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে ৰাজ্যৰ অনুসূচিত জাতিৰ দৰিদ্ৰ লোক সকল।ইয়াৰ ব্যতিক্ৰম হোৱা নাই নগাঁও জিলাতো।

নগাঁও জিলাটো বৃহৎ সংখ্যক অনুসূচিত জাতিৰ লোক আছে। জিলাখনৰ ৰহা,বটদ্ৰৱা, ধিং,বঢ়মপুৰ, নগাঁও সদৰ, চামগুৰি আৰু কলিয়াবৰ সমষ্টিত বহু সংখ্যক অনুসূচিত জাতিৰ লোক আছে।এই লোক সকলৰ অধিকাংশই আৰ্থিক দিশ অতি শোচনীয়। এওঁলোকৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে চৰকাৰে ৰাজ্যৰ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ জৰিয়তে নগাঁও জিলা অনুসূচিত জাতি কল্যাণ পৰিষদৰ মাধ্যমেৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে।

প্ৰতি বছৰে কোটি কোটি টকাৰ আঁচনি ৰূপায়ণ হৈ থকা সত্বেও জিলা খনৰ অনুসূচিত জাতিৰ দৰিদ্ৰ লোক সকলৰ দৰিদ্ৰতা গুচা নাই। ইয়াৰ অন্যতম কাৰণ অনুসূচিত জাতিৰ আঁচনি সমূহ ৰূপায়ণৰ নামত সংঘটিত হৈ আহিছে ব্যাপক দুৰ্নীতি-অনিয়ম। অনুসূচিত জাতিৰ দৰিদ্ৰ ৰাইজে গম নোপোৱাকৈয়ে তেওঁলোকৰ উন্নয়নৰ ধন, হজম কৰি আহিছে একাংশ চৰকাৰী বিষয়া, অনুসূচিত জাতি কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰী,নগাঁও মহকুমা অনুসূচিত জাতি উন্নয়ন পৰিষদৰ একাংশ দুৰ্ণীতিগ্ৰস্ত বিষয়ববীয়া, সদস্য, মধ্যভোগী দালাল আৰু একাংশ ৰাজনৈতিক পালিনেতাই।

সম্প্ৰদায়টোৰ আৰ্থিক ভাৱে জুৰুলা লোক সকলক আৰ্থিক স্বচ্ছলতাৰ বাবে বহু বছৰৰ পৰা বিভিন্ন যান বাহন যেনে ট্ৰেক্টৰ,পাৱাৰ টিলাৰ,টেম্পূ',অট'ভান, বিভিন্ন সামগ্ৰী যেনে চিলাই মেচিন,ষ্প্ৰে মেচিন,জাল,চাইকেল,ড্ৰাম,সূঁতা চ'লাৰ লাইট আদিও যোগান ধৰি অহা হৈছে যদিও সেই বোৰ নৱৈ শতাংশ প্ৰকৃত হিতাধিকাৰীয়ে লাভ নকৰে। অনুসূচিত জাতি উন্নয়ন পৰিষদৰ সভাপতি, ব'ৰ্ডৰ‌ একাংশ সদস্যক মেনেজ কৰি সেই সামগ্ৰী এচাম মধ্যভোগীয়েহে লাভ কৰিবলৈ সক্ষম হয় বুলি জিলা খনৰ অনুসূচিত জাতিৰ একাংশ লোকে অভিযোগ উত্থাপন কৰি আহিছে।

নগাঁৱত অনুসূচিত জাতিৰ এই আঁচনিৰ নামত বিগত ২০০১বৰ্ষৰ পৰাই ধাৰাবাহিক ভাৱে লুটপাত অব্যাহত আছে। নগাঁও মহকুমা অনুসূচিত জাতি উন্নয়ন পৰিষদত দুৰ্নীতি আৰু অনিয়মে শেহতীয়াকৈ দুৰ্নীতি-অনিয়মৰ সকলো অভিলেখ ভংগ কৰিছে বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে।

শেহতীয়াকৈ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে নগাঁও মহকুমা অনুসূচিত জাতি কল্যাণ পৰিষদৰ জৰিয়তে জিলা খনৰ দৰিদ্ৰ অনুসূচিত জাতিৰ হিতাধিকাৰীৰ মাজত বিতৰণ কৰিবলৈ ৩০০টা এল ই ডি টিভি আৰু ১০০০টা হাউচ কিটচ অনুমোদন জনাইছে। হাউচ কিটচ সমূহত গেছ ষ্টোভ, প্ৰেছাৰ কুকাৰ,ষ্টীলৰ ড্ৰাম দুটা,ডাষ্টবিনকে‌ প্ৰমূখ্য কৰি মুঠ সাত বিধ সামগ্ৰী থাকে। উত্থাপিত অভিযোগ অনুসৰি, নগাঁও অনুসূচিত জাতি উন্নয়ন ব'ৰ্ডত এল ই টিভি আৰু হাউচ কিটচ হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হৈছে।

অভিযোগ অনুসৰি,এল ই ডি টিভি সমূহ বিতৰণৰ বাবে ব'ৰ্ডে যিখন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে তাত নাম সন্নিৱিষ্ট কৰাৰ বাবে বিভিন্ন জনৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত সংগ্ৰহ কৰিছে। ঠিক একেদৰে,সাতবিধ সামগ্ৰী সম্বলিত কিডচৰ বাবেও বিভিন্ন হিতাধিকাৰীৰ পৰা দুই-তিনি হাজাৰকৈ টকা উৎকোচ লৈছে বুলি অভিযোগ উত্থাপিত হৈছে। যিহেতু অৰ্থৱান লোকে টকা দিহে হিতাধিকাৰীৰ তালিকাত নিজৰ নাম অন্তৰ্ভূক্ত কৰাবলৈ সক্ষম হৈছে সেয়েহে দৰিদ্ৰ অনুসূচিত জাতিৰ লোক সকল এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব লগীয়া হয়।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in