নগাঁৱত শিক্ষক দিৱস উদযাপন: ২৮ গৰাকী শিক্ষক -শিক্ষয়িত্ৰীক সম্বৰ্ধনা

নগাঁৱত শিক্ষক দিৱস উদযাপন: ২৮ গৰাকী শিক্ষক -শিক্ষয়িত্ৰীক সম্বৰ্ধনা
Published on
Updated on

ডিজিটেল সংবাদ ,নগাঁও : সমগ্র দেশৰ লগতে নগাঁও জিলাতো দাৰ্শনিক, পণ্ডিত ড: সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি শিক্ষক দিবস উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সভাগৃহত জিলাভিত্তিত কেন্দ্ৰীয় ভাৱে শিক্ষক দিৱস উদযাপন কৰা হয়।

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: মৃদুল কুমাৰ হাজৰিকাই শিক্ষক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। লগতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড : সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱন দৰ্শনৰ বিষয়ে মননশীল ভাষণ প্ৰদান কৰে। শিক্ষা প্ৰদানৰ মহৎ কামৰ জৰিয়তে শিক্ষক সমাজে প্ৰকৃত সমাজ সংগঠকৰ ভুমিকা পালন কৰি আহিছে বুলি ড: হাজৰিকাই মন্তব্য কৰে।

অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰি শিক্ষক সমাজক শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে এগৰাকী শিশুক শিক্ষা দানৰ জৰিয়তে শিক্ষক সকলে উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি আহিছে।নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত অতিৰিক্ত আয়ুক্ত মনোৰমা মৰাং,জিলা খনৰ শিক্ষা বিভাগৰ বিষয়া সকল উপস্থিত থাকে।

নগাঁও সংমণ্ডল বিদ্যালয় পৰিদৰ্শক মৃদুল কুমাৰ নাথে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত জিলাখনৰ ২৮ গৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হয়।অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড :হিমন্ত বিশ্ব শৰ্মাই শিক্ষক দিবস উপলক্ষে প্ৰেৰণ কৰা বিশেষ পত্ৰ নগাঁও জিলাৰ ২৭ গৰাকী শিক্ষক - শিক্ষয়িত্ৰীক বিধায়ক ৰূপক শৰ্মাই প্ৰদান কৰাৰ লগতে সম্বৰ্ধনা জনাই। ইয়াৰ ডিতৰত এগৰাকী ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বটা প্ৰাপক আৰু আন ২৬গৰাকী ৰাজ্যিক কৃতি শিক্ষকৰ বটা প্ৰাপক।

ইপিনে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত নেতাজী বিদ্যাপীঠত শিক্ষক দিৱস পালন কৰা হয়। পুৱা গছপুলি ৰোপনৰ পাছত ড:সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত মাল্যপ্ৰদান কৰা হয়।

এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি শিক্ষাবিদ প্ৰেমেশ্বৰ দাসে শিক্ষক দিবসৰ তাৎপৰ্য ব্যাখ্যা কৰে। সভাত সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা, সাংবাদিক ভবেন বৰা, উদীয়মান লেখিকা অভিলেখ শৰ্মা প্ৰধান শিক্ষয়িত্ৰী ৰূপা ভূঞা, সন্থাৰ প্ৰকল্প বিষয়া ৰুনজুন বৰা আৰু সমন্বয়ক ডেইজী সেনাপতি আদিয়ে অংশগ্ৰহণ কৰে ।সভাত শিক্ষক ,শিক্ষয়িত্ৰী সকলক সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। সন্থাৰ সহকাৰী সম্পাদক খগেন নাথে পৰিচালনা কৰা সভাত শলাগৰ শৰাই আগবঢ়াই শিক্ষয়িত্ৰী ৰুমি হাজৰিকাই।

নগাঁৱত শিক্ষক দিৱস উদযাপন: ২৮ গৰাকী শিক্ষক -শিক্ষয়িত্ৰীক সম্বৰ্ধনা
নগাঁৱত প্ৰচণ্ড গৰমত কৰুণ মৃত্যুক সাৱতিলে এজনে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in