কঠিয়াতলীত নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাতঃ আটক এজন

কঠিয়াতলীত নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাতঃ আটক এজন
Published on
Updated on

ডিজিটেল সংবাদ,ৰহাঃ নগাঁৱত সক্ৰিয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ। বিভিন্ন প্ৰলোভনেৰে চক্ৰটোৱে হাৰিয়ানালৈ নাৰী সৰবৰাহ কৰে। বিনিময়ত লাভ কৰে লাখ লাখ টকা। ৰহাত তেনে এক জঘন্য ঘটনা পোহৰলৈ আহিছে।

নগাঁৱৰ কঠিয়াতলীৰ এই নাৰী বিক্ৰী চক্ৰটোৱে ৰহাৰ ভাটিগাঁৱৰ এগৰাকী মহিলাক প্ৰায় দুমাহৰ পূৰ্বে প্ৰলোভন দি ৩ লাখ টকাত হাৰিয়ানাত বিক্ৰী কৰিছিল। ৰহা ভাটিগাঁৱৰ এগৰাকী বিবাহ বিচ্ছেদ হোৱা মহিলা তথা এটি কন্যা সন্তানৰ মাতৃগৰাকীক মৃদুল বৰা নামৰ এজন লোকে যোগাযোগ কৰে।

প্ৰলোভন দি চক্ৰটোৱে মহিলাগৰাকীক ৩ লাখ টকাৰ বিনিময়ত হাৰিয়ানাৰ বিনোদ নামৰ এজন লোকক বিক্ৰী কৰে। প্ৰথমে মহিলাগৰাকীৰ পিতৃয়ে জীয়ৰীৰ নিৰুদ্দেশ সম্পৰ্কত ৰহা থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু শেহতীয়াকৈ কঠিয়াতলীৰ বৰহোলাৰ মৃদুল বৰা নামৰ লোকজনে এই কাণ্ড কৰা বুলি সন্দেহ কৰে। সোমবাৰে নিশা আৰক্ষীয়ে মৃদুলক কঠিয়াতলীৰ পৰা আটক কৰে।

মৃদুলক আটক কৰাৰ পিচতে মৃদুলৰ পত্নীয়ে কিছু বিস্ফোৰক তথ্য প্ৰকাশ কৰে । প্ৰকৃততে কঠিয়াতলীত আছে এই নাৰী বিক্ৰী চক্ৰ।চুমকী নামৰ এগৰাকী মহিলাৰ নেতৃত্বত নাৰী সৰবৰাহ চলি থকাৰ অভিযোগ উত্থাপন হৈছে। চুমকীক সহায় কৰে তেওঁৰ স্বামী, মাতৃ আৰু মৃদুল বৰাই।

এই পৰ্যন্ত আটক হোৱা নাই চুমকী নামৰ মহিলাগৰাকী। ইপিনে বিক্ৰী হোৱা মহিলাগৰাকীক ৩ লাখ টকাত ক্ৰয় কৰি বিয়া পতা বুলি ফোনযোগে স্বীকাৰ কৰিছে বিনোদ নামৰ হাৰিয়ানাৰ লোকজনে। উক্ত নাৰী সৰবৰাহৰ ঘটনাক লৈ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

কঠিয়াতলীত নাৰী সৰবৰাহকাৰী চক্ৰ উৎখাতঃ আটক এজন
কি হ'ব ভৱিষ্যত? অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ শুনানিত ন্যায়ালয়ে আজি নিদিলে সিদ্ধান্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in