নগাঁৱৰ বিশিষ্ট অধিবক্তা দেবব্ৰত শৰ্মাৰ মৃত্যুত শোক...

নগাঁৱৰ বিশিষ্ট অধিবক্তা দেবব্ৰত শৰ্মাৰ মৃত্যুত শোক...
নগাঁৱৰ বিশিষ্ট অধিবক্তা দেবব্ৰত শৰ্মাৰ মৃত্যুত শোক...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও : নগাঁৱৰ জ্যেষ্ঠ অধিবক্তা দেৱব্ৰত শৰ্মাৰ মৃত্যু ৷ ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে শৰ্মাই ৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেৱব্ৰত শৰ্মাই বিয়লি ৪:১৫ বজাত মৃত্যুক সাৱতি লয় ৷

১৯৬৬ চনৰ পৰা নগাঁৱত উকালতি কৰা শৰ্মাৰ মৃত্যুত নগাঁৱত শোকৰ ছাঁ পৰিছে। নগাঁৱত দেৱানী গোচৰৰ অধিবক্তা হিচাপে সু-প্ৰতিস্হিত শৰ্মা নগাঁও উকিল সন্হাৰ সভাপতি হিচাপেও কেবাটাও কাৰ্যকাল চলাইছিল ৷

নগাঁও নাট্য মন্দিৰৰ সভাপতি হিচাপে দুটি কাৰ্যকাল, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰিচালনা সমিতি, খাগৰিজান মহাবিদ্যালৰ পৰিচালনা সমিতি, নগাঁও আইন মহাবিদ্যালয়ৰ পৰিচালনা সমিতি, নগাঁও শ্বহীদ ভৱন আৰু পাব্লিক লাইব্ৰেৰীৰ সম্পাদক আৰু সভাপতি হিচাপে কেবাটাও কাৰ্যকাল হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল ৷

নগাঁৱৰ শংকৰ মিচন পথৰ নিবাসী শৰ্মাই মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, কন্যাক এৰি থৈ গৈছে ৷ বুধবাৰে প্ৰয়াত দেৱব্ৰত শৰ্মাৰ মৃতদেহ নগাঁৱলৈ অনা হ'ব ৷

নগাঁৱৰ বিশিষ্ট অধিবক্তা দেবব্ৰত শৰ্মাৰ মৃত্যুত শোক...
কলিয়াবৰ জিলা বিজেপি সভাপতি অনিল শইকীয়াক অপসাৰন : নতুন সভাপতি বাবুল বৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in