নগাঁৱৰ কেঁচা সোণৰ শিল্পীক নতুন দিল্লীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ...

নগাঁৱৰ কেঁচা সোণৰ শিল্পীক নতুন দিল্লীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ...

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ কেঁচা সোণৰ শিল্পীক নতুন দিল্লীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ...

নগাঁৱৰ কেঁচা সোণৰ শিল্পীক নতুন দিল্লীৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ নিমন্ত্ৰণ...

ডিজিটেল সংবাদ নগাঁও: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ স্বৰ্ণ শিল্পীসকললৈ এখন অভিলাষী আঁচনি গ্ৰহণ কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। "প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা" চমুকৈ "পি এম বিশ্বকৰ্মা " নামৰ‌ এই আচঁনিখনে সমগ্ৰ দেশৰ লাখ লাখ স্বৰ্ণ শিল্পীক সামৰি লোৱাৰ সম্ভাৱনা আছে।

উক্ত আঁচনিখন আগন্তুক স্বাধীনতা দিৱসৰ দিনা নতুন দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ অংশ স্বৰূপে ১৫ আগষ্টৰ কাৰ্যসূচীত উপস্থিত থকাৰ বাবে সমগ্ৰ ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ স্বৰ্ণ শিল্পীসকলৰ ভিতৰত মাত্ৰ চাৰিগৰাকী ব্যক্তিক নিৰ্বাচিত কৰিছে।

এই চাৰিগৰাকীৰ ভিতৰত নগাঁও জিলাৰ ৰনথলীৰ কেঁচা সোণৰ শিল্পী হিৰন্য বনিয়াক নিৰ্বাচিত কৰিছে। নতুন দিল্লীৰ লালকিল্লাত আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীলৈ শুকুৰবাৰে ৰাওনা হোৱাৰ পূৰ্বে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- অসমৰ গৌৰৱ কেঁচা সোণৰ শিল্পৰ লগত জড়িত হৈ এই শিল্পক বিকাশ আৰু প্ৰসাৰৰ বাবে অহৰহ কাম কৰি আহিছোঁ।

এই শিল্পক কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰাত নথৈ আনন্দিত হৈছোঁ আৰু এই উদ্যোগটো আগবাঢ়ি যোৱাত চৰকাৰে বিশেষ আঁচনি গ্ৰহণ কৰিব বুলিও আমি আশাবাদী বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে - নগাঁও জিলাৰ ৰনথলী গাঁৱত এই কেঁচা সোণৰ শিল্পই সম্প্ৰতি এক উদ্যোগলৈ ৰূপান্তৰিত হৈছে। এই উদ্যোগটোত সমগ্ৰ অঞ্চলটোৰ সহস্ৰাধিক শিক্ষিত যুৱক -যুৱতী প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে জৰিত হৈ আছে।

Also Read: মোডীয়ে ক'লে বিৰোধীয়ে পাইছে হেনো অদ্ভুত শক্তি...

কেঁচা সোণৰ শিল্পী