উৰিয়াগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক-সমাজকৰ্মী নলিনীকান্ত বণিয়া আৰু নাই

উৰিয়াগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক-সমাজকৰ্মী নলিনীকান্ত বণিয়া আৰু নাই
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ উৰিয়াগাঁৱৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক তথা সমাজকৰ্মী নলিনীকান্ত বণিয়া আৰু নাই। ৮১ বছৰ বয়সত শুকুৰবাৰে সন্ধিয়া বাৰ্ধক্যজনিত কাৰণত নিজা বাসভৱনত দেহাৱসান ঘটে।

উল্লেখ্য যে ২০০২ চনৰ ২৮ ফেব্ৰুৱাৰীত ২৭ নং নত্তম গাঁও প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হিচাপে অৱসৰগ্ৰহণ কৰিছিল বণিয়াই। বণিয়াক অসম চৰকাৰে ২০০৩ চনত জিলা কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰিছিল।

ইয়াৰোপৰি জিলাখনৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি তেওঁ সমাজলৈ উল্লেখনীয় অৱদান আগবঢ়াইছিল। সেইবাবেই প্ৰয়াত ব্যক্তিগৰাকীক কৃতজ্ঞতাৰ চিনস্বৰূপে চলিত বৰ্ষত উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিয়ে অনুষ্ঠিত কৰা "ভোগালী উৎসৱত" ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছিল।

ইয়াৰ উপৰিও বিশিষ্ট ব্যক্তিগৰাকীক বিগত বর্ষসমূহত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,সামাজিক অনুষ্ঠান সূত্ৰধাৰ,এনাজৰী,কলংপৰীয়া শাখা সাহিত্য সভাকে ধৰি বিভিন্ন অনুষ্ঠানে সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছিল। অতি নম্ৰ, সহজ-সৰল ব্যক্তিগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

মৃত্যুৰ সময়ত প্ৰয়াত ব্যক্তিগৰাকীয়ে পত্নী, তিনিজন পুত্ৰ, তিনিগৰাকী জীয়ৰীসহ অনেক আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে।

উৰিয়াগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক-সমাজকৰ্মী নলিনীকান্ত বণিয়া আৰু নাই
অসম জাতীয় পৰিষদৰ দুদিনীয়া বৈঠকৰ আয়োজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in