নগাঁৱৰ শিশুসকলে উদযাপন কৰিলে জাতীয় চিকিৎসক দিৱস...

নগাঁৱৰ শিশুসকলে উদযাপন কৰিলে জাতীয় চিকিৎসক দিৱস...
নগাঁৱৰ শিশুসকলে উদযাপন কৰিলে জাতীয় চিকিৎসক দিৱস...
Published on
Updated on

ডিজিটেল সংবাদ বটদ্ৰৱা: নগাঁৱৰ চিল্ড্রেনছ হেভেন স্কুলৰ উদ্যোগত আজি শিশুসকলে উদযাপন কৰিলে জাতীয় চিকিৎসক দিৱস। উক্ত অনুষ্ঠানটিৰ আৰম্ভণিত শিশুসকলে বিশিষ্ট চিকিৎসক তথা বিশিষ্ট কবি প্ৰয়াগ শইকীয়া আৰু ডাক্তৰ অম্লান জ্যোতি বৰাক ফুলাম গামোচা আৰু গছপুলিৰে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানটিৰ আঁত ধৰোতা বিদ্যালয়টিৰ ৰেক্টৰ পাপু মজুমদাৰে ৪৭ সংখ্যক আন্তর্জাতিক কলকাতা গ্ৰন্থ মেলাত উন্মোচন হোৱা তেখেতৰ ইংৰাজী কাব্য সংকলন 'চাৰ্মিং ছ'ল ইন দ্য মিৰৰ' কিতাপখন দুগৰাকী চিকিৎসকৰ হাতত তুলি দিয়ে। ডাঃ বিধান চন্দ্র ৰায়ৰ জন্ম আৰু মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধা জনাবলৈ সমগ্র ভাৰতবৰ্ষত জাতীয় চিকিৎসক দিৱস পালন কৰা হয়।

যোগ্য ব্যক্তিক যোগ্য সন্মান দিয়াৰ উদ্দেশ্যে আৰু শিশুসকলক মানুহ বনোৱাৰ উদ্দেশ্যে বিদ্যালয়খনে লোৱা পদক্ষেপ সচাঁকৈ প্ৰশংসনীয়। উক্ত অনুষ্ঠানটিত চিকিৎসক প্ৰয়াগ শইকীয়াই কয় যে, 'যিজনৰ মান আৰু হুচ আছে তেওঁলোক মানুহ।' লগতে অভিভাৱকসকলৰ উদ্দেশ্যে কয় যে, কণমানিসকলক মৰমেৰে সাধু কোৱাৰ দৰে বুজাই কাৰো লগত প্ৰতিযোগিতা নকৰাকৈ শিশুসকলক আগুৱাই যাবলৈ উৎসাহ দিব লাগে, তুমি পাৰিবা বুলি।

অনুষ্ঠানটিত চিকিৎসক অম্লান জ্যোতি বৰাই কয় যে, আজিকালি শিশুসকলক বহুমূখী প্ৰতিভা বিকাশৰ ওপৰত গুৰুত্ব দিব লাগে। অনুষ্ঠানটিত সমাজকৰ্মী ৰীতা গোহাঁই আৰু কৰ্মকৰ্তাসকলৰ লগত ছাত্র-ছাত্ৰীসকলৰ অভিভাবক- অভিভাবিকাসকলো উপস্থিত থাকে। অনুষ্ঠানটিৰ শেষত পাপু মজুমদাৰেসমূহ চিকিৎসকসকলক শ্ৰদ্ধা নিবেদন কৰি স্বৰচিত কবিতা 'সূৰ্যোদয়' পাঠ কৰি অনুষ্ঠানটিৰ সামৰণি মাৰে।

নগাঁৱৰ শিশুসকলে উদযাপন কৰিলে জাতীয় চিকিৎসক দিৱস...
নগাঁৱৰ ১৫ খনৰো অধিক গাঁও বানপানীৰ কবলত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in