ডিজিটেল সংবাদ,কামপুৰ : কামপুৰৰ বিভিন্ন অঞ্চলত ৬ষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপন কৰা হয়। পোষণ মাহৰ লগত সংগতি ৰাখি ৰহা সংহত শিশু উন্নয়ণ প্ৰকল্পৰ বগলাজান চাৰ্কোলৰ উদ্যোগত আৰু বাহাকাবাৰী, বগলাজান, গুইমাৰী , নাৰিকলি , ধেমাজী গাওঁ, বাৰেগুগা আৰু কাকতি গাঁৱৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ সহযোগত দেওবাৰে কামপুৰৰ বাহাকাবাৰী মজলীয়া বিদ্যালয়ত মিলেটৰ প্ৰচাৰৰ লগতে 'পোষণ ভাটিকা' প্ৰদৰ্শনী কৰা হয়।
লগতে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনৰ ৰহা সংহত শিশু উন্নয়ণ প্ৰকল্পৰ সৌজন্যত আদৰণি গ্ৰাম্য স্বাস্থ্য পৰিপুষ্টি দিৱস অনুষ্ঠিত কৰা হয় । এই উপলক্ষে পতাকা উত্তোলন,শোভাযাত্ৰা কৰি চাৰ্কোলটোৰ কৰ্মী সহায়িকাৰ লগতে অংগনবাড়ী শিশু, অভিভাৱকসকলে অমৃত কলহ যাত্ৰাৰে মাটি সংগ্ৰহ কৰে।
"সু পোষিত ভাৰত,শিক্ষিত ভাৰত,শক্তিশালী ভাৰত" গঢ়াৰ লক্ষ্যৰে জন সজাগতাৰ এই লক্ষ্যৰে বগলাজান পঞ্চায়তৰ সভাপতি ইব্ৰাহিম আলীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । ৰহা সংহত উন্নয়ণ প্ৰকল্পৰ মুখ্য সেৱিকা সুবৰ্ণলতা দাসে আঁত ধৰা এই সভাত পোষণ খণ্ড ৰহা সংহত শিশু উন্নয়ণ প্ৰকল্পৰ প্ৰকল্প বিষয়া মৃণাল শইকীয়াই শিশুৰ মাতৃ দুগ্ধপান আৰু উপৰুৱা আহাৰৰ সম্পৰ্কত বিস্তৃতভাৱে বক্তব্য প্ৰদান কৰে।
মুখ্য সেৱিকা,গাওঁ প্ৰধানকে প্ৰমূখ্যে কৰি জ্যেষ্ঠ নাগৰিকৰ উপৰি শতাধিক লোকৰ উপস্থিতিত কেইবাটিও অংগনবাড়ী শিশুৰ নৃত্য প্ৰদৰ্শন আৰু পঢ়ন শৈলী প্ৰদৰ্শনেৰে অনুষ্ঠানটি সজীৱ কৰি তোলা হয়। উল্লেখ্য যে সভাৰ পূৰ্বে বিষয়বস্তুৰ সৈতে সংগতি ৰাখি পঞ্চায়ত খনৰ ৩৫ টা অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ দ্বাৰা মিলেটৰ বিভিন্ন ব্যঞ্জনা প্ৰদৰ্শন কৰে।
Also Read: কোচবিহাৰৰ মধুপুৰ সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱ পালন