দুদিন ধৰি নিৰুদ্দেশ কদমনি গাঁৱৰ ই-ৰিক্সা চালক নজৰুল ইছলাম

দুদিন ধৰি নিৰুদ্দেশ কদমনি গাঁৱৰ ই-ৰিক্সা চালক নজৰুল ইছলাম
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনি গাঁৱৰ ই-ৰিক্সা চালক নজৰুল ইছলাম মঙলবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ঘটনাৰ বিৱৰণী মতে, নৰুল আমিনে অন্য দিনাৰ দৰে মঙলবাৰেও বিয়লি ৪-০০বজাত ই ৰিক্সা লৈ ভাড়া মাৰিবলৈ ওলাই গৈছিল।

পাছত নিশাপৰ্যন্ত ঘৰলৈ উভতি নহাত পৰিয়ালৰ সদস্যই বুধবাৰে পুৱা আত্মীয় স্বজন তথা বন্ধু-বান্ধৱৰ ঘৰত বিচাৰ খোচাৰ কৰি কোনো শুংসূত্ৰ নোপোৱাত বটদ্ৰৱা থানাত লিখিত এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে এজেহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰি আজি বিয়লি হয়বৰগাঁৱ আৰক্ষীৰ চকীৰ অন্তৰ্গত গৰৈমাৰীৰ পৰা নজৰুলৰ AS 02 GR 0813 নম্বৰৰ ই-ৰিক্সাখন উদ্ধাৰ কৰে।

ৰহস্যজনকভাৱে উদ্ধাৰ কৰি অনা ই-ৰিক্সাখনৰ চাৰিটা বেটাৰী আৰু অতিৰিক্ত টায়াৰটো পোৱা নাই ৷ বৰ্তমানলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও চালক নৰুল আমিনকো উদ্ধাৰ কৰিব পৰা নাই ৷

পৰিয়ালৰ লোকে অভিযোগ কৰা মতে কোনোবা অচিনাক্ত দুস্কৃতিকাৰীয়ে সংজ্ঞাহীন কৰি কোনোবা ঠাইত পেলাই ৰাখিছে ৷ গতিকে কোনো সদাশয় লোকে ৫০ বছৰীয়া নুৰুল আমিনৰ সম্ভেদ পালে বটদ্ৰৱা আৰক্ষীক নহ'লে 7002788643 এই নম্বৰত যোগাযোগ কৰিবৰ বাবে পৰিয়ালৰ তৰফৰ পৰা আহ্বান জনাইছে।

দুদিন ধৰি নিৰুদ্দেশ কদমনি গাঁৱৰ ই-ৰিক্সা চালক নজৰুল ইছলাম
ৰঙাপৰাৰ বাগানে বাগানে অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্য্যসূচী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in