ডিজিটেল সংবাদ,নগাঁওঃ নৃত্য অভিনয়ৰে এতিয়া এটাৰ পাছত আন এটা সন্মান বুটলিবলৈ সক্ষম হৈছে নীলাঞ্জনা বেজবৰুৱা। পুনৰ দুটাকৈ ৰাষ্ট্ৰীয় সন্মান আজুৰি আনিবলৈ সক্ষম হ'ল নগাঁৱৰ নীলাঞ্জনা বেজবৰুৱা।
ত্ৰিবেণী কলা কেন্দ্ৰ, উৰিষ্যাই নগাঁৱত অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় ব্ৰহ্মপুত্ৰ কলা মহোৎসৱ ২০২৩ ত নগাঁৱৰ হালোৱাগাৱঁৰ নীলাঞ্জনা বেজবৰুৱাই অংশগ্ৰহণ কৰি নৃত্য পৰিৱেশনৰে দুটাকৈ সন্মান লাভ কৰিবলৈ সক্ষম হয়। নৃত্য পৰিৱেশনৰ অন্তত ত্ৰিবেণী কলা কেন্দ্ৰই নীলাঞ্জনা বেজবৰুৱাক ৰাষ্ট্ৰীয় কলা গুৰু শ্ৰীক্ষেত্ৰ সন্মান আৰু ৰাষ্ট্ৰীয় নীলাচলা সন্মানেৰে সন্মানিত কৰে।
উল্লেখ্য যে সৰুৰে পৰাই নৃত্য,অভিনয়ৰ প্ৰতি আগ্ৰহী নীলাঞ্জনা বেজবৰুৱাই ইয়াৰ পূৰ্বেও কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। নীলাঞ্জনাৰ এই সাফল্যত এতিয়া পৰিয়ালৰ লগতে অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে ।
Also Read: ৰামদিয়া আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, সাক্ষী দিবলৈ যোৱা যুৱকক নিৰ্মম প্ৰহাৰ