ডিজিটেল সংবাদ,নগাঁও : পুনৰ আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজ্বলাবলৈ সক্ষম হ'ল নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱা। নগাঁৱৰ বঢ়মপুৰ হালোৱাগাৱঁৰ নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই কৃষ্ণ নৃত্য পৰিৱেশন কৰি " লণ্ডন বুক অফ ৱৰ্লড ৰেকৰ্ডত" নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় ।
নৃত্যশিল্পী নীলাঞ্জনা বেজবৰুৱাই কৃষ্ণ নৃত্য পৰিৱেশনৰ জৰিয়তে এই সন্মান বুটলিবলৈ সক্ষম হোৱাৰ পাছতেই নীলাঞ্জনা বেজবৰুৱাৰ বাসগৃহত লণ্ডন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়ববীয়া উপস্থিত হৈ এই সন্মান প্ৰদান কৰে। এই সন্মানত এটা ট্ৰ'ফী,এখন চাৰ্টিফিকেট আৰু এটা ব্ৰঞ্জৰ মেডেল নীলাঞ্জনা বেজবৰুৱালৈ আগবঢ়ায়।
ইয়াৰ সমান্তৰালভাৱে ভাৱে শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ "অজন্তা ইলোৰা ইন্টাৰনেছনেল আৰ্ট গেলেৰীয়ে" নীলাঞ্জনা বেজবৰুৱাক "ৰবীন্দ্ৰনাথ ঠাকুৰ কলা বিভূষণ" সন্মানো প্ৰদান কৰিছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি যুৱতী গৰাকী নৃত্য, অভিনয়ৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছিল। এতিয়া নীলাঞ্জনাৰ এই সফলতাত পৰিয়ালৰবৰ্গৰ লগতে গাওঁবাসীও উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে।
Also Read: আজিও গ্ৰাহকে পোৱা নাই 'দ্যা ইউনিয়ন কৰ্পাৰেটিভ বেংক'ত থোৱা জমা ধন