কৰৈয়ণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সতীৰ্থ সন্মিলন : গুৰু-শিষ্যৰ মিলনৰ ধলে জীপাল কৰিলে বিদ্যালয়ৰ চৌহদ

author-image
Asomiya Pratidin
New Update
 কৰৈয়ণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সতীৰ্থ সন্মিলন : গুৰু-শিষ্যৰ মিলনৰ ধলে জীপাল কৰিলে বিদ্যালয়ৰ চৌহদ

ডিজিটেল সংবাদ, নগাঁও : আপোনত্বৰ সুবাসেৰে সুবাসিত হ'ল নগাঁৱৰ কৰৈয়ণি উচ্চতৰ মাধ্যমিক বিদ্যালয় । সত্তৰ বছৰীয়া শিক্ষানুষ্ঠানখনৰ যেন হৈ পৰিল অধিক প্ৰাণৱন্ত । সতীৰ্থ সন্মিলনৰ জৰিয়তে সকলো উভতি গ'ল সেই স্কুলীয়া দিনবোৰলৈ । বহুতেই স্মৃতি সুঁৱৰি হৈ পৰিল আবেগবিহ্বল ।

নিজৰ শ্ৰেণীকোঠা, খেলা-ধূলা কৰাৰ পথাৰখন, বিদ্যালয়ৰ পানী খোৱা ছুটীত মৰা আড্ডাবোৰে যেন আমনি কৰিলে সকলোকে । এনে এক নষ্টালজিয়াৰ সুবাস প্ৰদান কৰিবৰ বাবেই কৰৈয়ণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয় সতীৰ্থ সন্মিলনৰ । বিদ্যালয়খনৰ একাংশ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত গঠিত সতীৰ্থ মঞ্চ নামৰ এক অনুষ্ঠানৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানতেই গুৰু বন্দনাৰ জৰিয়তে বিদ্যালয়ৰ বৰ্তমানৰ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকলক শ্ৰদ্ধা জ্ঞাপন কৰা হয় ।

সতীৰ্থ সন্মিলনৰ কাৰ্যসূচীৰ অংশৰূপে পতাকা উত্তোলন,স্মৃতি তৰ্পণ,প্ৰতীকি গীত পৰিবেশন,চিনাকি পৰ্ব আৰু বিচিত্ৰানুষ্ঠানো অনুষ্ঠিত হয় । সাত বিহুৰ মাজতেই ৰূপায়িত হোৱা এই অনুষ্ঠানত বিহুও পৰিবেশন কৰা হয় । যি অনুষ্ঠানত শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক সমাজেও অংশগ্ৰহণ কৰে । উল্লেখ্য যে, এই অনুষ্ঠানতেই সতীৰ্থ মঞ্চৰ স্থায়ী সমিতি গঠন কৰি ভৱিষ্যতৰ কৰ্মপন্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ।

Also Read: আকৰ্ষণীয় হৈ উঠিছে প্ৰিমিয়াৰ লীগ, মানচেষ্টাৰ চিটিয়েই মাৰিব নেকি শেষ হাঁহি !

NOGAON