কন্দলীত বন্যহস্তী আক্ৰমণত মৃত্যু কিশোৰৰ...

dangor kotha
dangor kotha
Published on
Updated on

ডিজিটেল সংবাদ, কঠীয়াতলীঃ কন্দলীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। বন্যহস্তী আক্ৰমণত মৃত্যু হয় এজন কিশোৰৰ। কিশোৰজন মৰিগাঁও মাজগাঁৱৰ ৰবি দেউৰী৷ কিশোৰজন নগাঁৱৰ ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ ৱাটাৰ ফ্লাই অনাথ আশ্ৰমৰ বুলি জানিব পৰা হৈছে৷

লগৰ বন্ধু এজনৰ লগত সন্ধানহীন হৈ আছিল ৰবি৷ স্থানীয় লোকে ৰবিৰ বন্ধু বিকি নাংগবংশী মুণ্ডাক উদ্ধাৰ কৰি আৰক্ষীক চমজায় দিয়ে৷ দুই বন্ধু নিশা আশ্ৰমৰ পৰা পলায়ন কৰিছিল বুলি আশ্ৰম কৰ্তৃপক্ষই সদৰী কৰে৷ বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ৷

dangor kotha
বটলিফ চাহ ফেক্টৰী বন্ধৰ বিৰুদ্ধে আপৰ সংবাদমেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in