বটদ্ৰৱাৰ লালুং গাঁৱত তীব্রবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন

বটদ্ৰৱাৰ লালুং গাঁৱত তীব্রবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰবা : বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত অৱ্যাহত আছে তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম। কালৰূপী ডাম্পাৰৰ দৌৰাত্ম অৱ্যাহত থকাৰ সময়তে মঙলবাৰে নিশা লালুং গাঁৱত সংঘটিত হৈছে কৰুণ ঘটনা।

এই তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত এজন লোক থিতাতে নিহত হয়। নিহত লোকজনৰ নাম চুলতান আলী। নিহত আলীৰ ঘৰ লালুং গাঁৱতে বুলি জানিব পৰা গৈছে।

মানসিকভাৱে অসুস্থ চুলতানে পথৰ কাষত বহি আহাৰ গ্ৰহণ কৰি থকা অৱস্থাত ডাম্পাৰে মহতিয়াই নিয়ে বুলি প্ৰত্যক্ষদৰ্শীয়ে ভাষ্য প্ৰদান কৰে। ইফালে এই দুৰ্ঘটনা সংঘটিত কৰিয়েই কালৰূপী ডাম্পাৰখন লৈ চালকে পলায়ন কৰে।

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত হোৱাৰ কিছু সময় পাছতে ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈছে। পলায়ন কৰা চালকসহ ডাম্পাৰৰ সন্ধান অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।

বটদ্ৰৱাৰ লালুং গাঁৱত তীব্রবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন
মোডী নহয়, ৰাজীৱ গান্ধীহে কাজিৰঙা পৰিদৰ্শন কৰা প্ৰথম প্ৰধানমন্ত্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in