জাজৰিবাসীয়ে পথ উৎসৰ্গা কৰি জীৱিত কালতেই সমাজকৰ্মীক দিলে সন্মান

জাজৰিবাসীয়ে পথ উৎসৰ্গা কৰি জীৱিত কালতেই সমাজকৰ্মীক দিলে সন্মান
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱা : জীৱন কালতেই এগৰাকী সমাজকৰ্মীৰ নামত এটি পথ উৎসৰ্গা কৰাৰ উপৰি নামাকৰণ কৰা বিৰল ঘটনাৰ সাক্ষী হ’ল জাজৰিবাসী ৰাইজ। নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী জাজৰি ঢলপুৰীয়াৰ সমাজকৰ্মী গোপাল বৰাৰ নামত এটি পথ নামাকৰণ কৰি ৰাইজে তেঁওক সন্মান যাচে।

অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সমাজ সেৱা আগবঢ়োৱা গোপাল বৰাক বুধবাৰে অঞ্চলটোৰ ৰাইজে মৰমৰ উপহাৰ স্বৰূপে গাঁৱখনৰ এটি গুৰুত্বপূৰ্ণ পথ তেখেতৰ নামত নামাংকৃত কৰে। পথটি হৈছে জাজৰি ঢলপুৰীয়া গড়কাপ্তানি পথৰ পৰা ন-ঢলপুৰীয়া হৈ বেলতলা সংযোগী পথ।

উক্ত পথছোৱা বুধবাৰে মাংগলিক অনুষ্ঠানৰ মাজেৰে গোপাল বৰাৰ নামত নামাকৰণ কৰা হয়। গোপাল বৰা পথটি আনুষ্ঠানিকভাৱে মুকলি কৰে মদাৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ নৰেন্দ্ৰ নাথ মহন্তই। গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত ভকত জীৱন ৰাম বৰা, প্ৰদীপ বৰা, পদ্ম কাকতি, দুলাল বৰাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।

উল্লেখ্য যে, বিশিষ্ট সমাজকৰ্মী গোপাল বৰাই অঞ্চলটোৰ জাজৰি ঢলপুৰীয়া অনন্ত পুথিভঁৰাল, জাজৰি ঢলপুৰীয়া অনন্ত নামঘৰ, জাজৰি ঢলপুৰীয়া সাৰ্বজনীন শিৱ মন্দিৰ, দলং ঘাট দৌল মন্দিৰ, ন-ঢলপুৰীয়া নামঘৰ, গায়ন গাঁও নামঘৰ, হাতীচোং শংকৰদেৱ শিশু নিকেতন, জাজৰি অঞ্চলিক বিষ্ণু মন্দিৰকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। 

জাজৰিবাসীয়ে পথ উৎসৰ্গা কৰি জীৱিত কালতেই সমাজকৰ্মীক দিলে সন্মান
আৰম্ভ হৈছে জম্মু-কাশ্মীৰৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব : ভোটাধিকাৰ সাৱ্যস্ত কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in