আই খেৰসূতী সাংস্কৃতিক মঞ্চত 'পত্নী প্ৰসাদ' নাট পৰিৱেশন

আই খেৰসূতী সাংস্কৃতিক মঞ্চত 'পত্নী প্ৰসাদ' নাট পৰিৱেশন
Published on
Updated on

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "আহে সামাজিক লোকঃ সোহি জগতক পৰম গুৰুঃ পুৰুষোত্তমঃ সোহি নন্দনন্দন ৰূপে কহোঁঃ অন্ন প্ৰাৰ্থনা চলেঃ বিপ্ৰ সবক কৰ্ম্ম গৰ্ব্ব দূৰ কৰলঃ পত্নী সবক পৰম প্ৰসাদ দেলহঃ বালক সবক ষড়ৰথ অন্নভোজন কৰাৱল ৷ সোহি পত্নীপ্ৰসাদ নাম নাটঃ " বুলি সূত্ৰধাৰে আৰম্ভণি কৰাৰ লগে লগে মংগলবাৰে নিশা বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত কুশীলৱ সকলে পৰিৱেশন কৰে "পত্নী প্ৰসাদ" নাট।

মহাপুৰুষ শংকৰদেৱে জনসাধাৰণক সহজতে কৃষ্ণৰ লীলা মাহাত্ম্য উপলব্ধি আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৃষ্ট কৰাৰ উদ্দেশ্যেৰে অংকীয়া নাট ৰচনা কৰিছিল। শংকৰদেৱৰ প্ৰথমখন অংকীয়া নাট 'পত্নী প্ৰসাদ'ৰ বিষয়বস্তু আৰু অন্যান্য বৈশিষ্ট্যৰ বাবে আজিওঁ প্ৰাসংগিক।

মূলতঃ কৃষ্ণ, বলভদ্ৰ, মিশ্ৰ, চন্দ্ৰ ভাৰতী ব্ৰাহ্মণ, ব্ৰাহ্মণ-ব্ৰাহ্মণনীসকল আৰু গোপগণ এই চৰিত্ৰসমূহৰ মাজেৰেই 'পত্নীপ্ৰসাদ' নাটখনিৰ কাহিনীভাগ আগুৱাই গৈছে ৷ নাটখনিত যুদ্ধ বিগ্ৰহ নাই যদিও কম কথা আৰু পৰিসৰৰ মাজেদি নাটকীয় কাহিনীৰ পৰিসমাপ্তি ঘটাইছে ৷

নাটৰ শেষত ব্ৰাহ্মণসকলৰ গৰ্ব্ব চূৰ্ণ কৰা হৈছে আৰু কৃষ্ণক শৰণ লৈ কৃষ্ণ ভক্তিক তেওঁলোকে আঁকোৱালি লৈছে। যাগ-যজ্ঞত আস্থাশীল পাণ্ডিত্যভিমানী আৰু ভক্তি বিৰোধী ব্ৰাহ্মণসকলৰ কৃষ্ণভক্তি পৰায়ণ ব্ৰাহ্মণ পত্নী আৰু গোপবালকসকলৰ বিৰোধক ভেটি কৰি নাট্যকাহিনী ৰচিত হ’লেও শংকৰদেৱে কৰ্ম মাৰ্গ আৰু ভক্তি মাৰ্গৰ বিৰোধক ইয়াত মুখ্যতে স্থান দিছে ৷

বটদ্ৰৱা থানত ২৪ ছপ্তেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে মংগলবাৰে নিশা 'পত্নীপ্ৰসাদ' নাট অনুষ্ঠিত কৰা হয়। বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত অবিনশ্বৰ গোষ্ঠী পুৰনিগুডামৰ শিল্পী সকলে পৰিবেশন কৰে এই নাটখনি।

দীপক বৰাৰ পৰিচালনাৰে কুশীলৱ, গায়ন বায়ন, সূত্ৰধাৰ সকলোৰে সুন্দৰ পৰিৱেশনত উপভোগ্য নাটকখিনিয়ে নিশা সহস্ৰাধিক দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখে। নাটকখনত সূত্ৰধাৰৰ দ্বায়িত্বত ৰুবুল কুমাৰ মহন্ত, বায়ন শুভজিৎ শইকীয়া,গায়ন বিনোদ ভূঞা, ৰঞ্জন কুমাৰ বৰা,মৌচুমী শইকীয়াৰ লগতে আন আন শিল্পীসকলে গীত বাদ্য সুন্দৰকৈ পৰিৱেশন কৰে।

আনহাতে বিভিন্ন চৰিত্ৰত বিপঞ্চিকা বৰা,প্ৰেৰণা শইকীয়া,ৰাজ কুমাৰী ভূঞা,তুহিন কণ্যা বৰা,ৰূপজ্যোতি ভূঞা,প্ৰণামী শ্যাণ্ডিল্য,হিমাশ্ৰী সেনাপতি,সুপ্ৰিয়া পৰাশৰ,ৰঞ্জন তামুলীকে আদি কৰি ভাৱৰীয়াসকলৰ অভিনয়, নৃত্য,অভিব্যক্তিৰ মাজেৰে ঈশ্বৰ কৃষ্ণৰ পুৰুষত্ব,মহত্ব আৰু ঐশ্বৰিক গুণৰাজি প্ৰকাশ পায় ৷ ব্ৰাহ্মণনীসকলৰ কৃষ্ণভক্তিৰ উপৰি ব্ৰাহ্মণসকলে পৰম পুৰুষ শ্ৰীকৃষ্ণৰ মাহাত্ম্য উপলব্ধি কৰি কৃষ্ণত শৰণলৈ কৃষ্ণভক্তিত গদ-গদ হৈ পৰে ৷

আই খেৰসূতী সাংস্কৃতিক মঞ্চত 'পত্নী প্ৰসাদ' নাট পৰিৱেশন
শিৱসাগৰত বিশ্ব পৰ্যটন দিৱস উদযাপন : অত্যাধুনিক ক’টেজ মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in