ডিজিটেল সংবাদ,বটদ্ৰৱাঃ এখন বিলত হোৱা অবৈধ বেদখলক কেন্দ্ৰ কৰি গড়কাপ্তানি পথ অৱৰোধ। বটদ্ৰৱাৰ সমীপবৰ্তী ঐতিহাসিক ৰৌমাৰী বিলত একাংশ লোকে মৎস্য পালনৰ অজুহাতত অবৈধ বেদখল চলাইছে।
বিলৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড আলি দি পুখুৰী খন্দাৰ পৰিপেক্ষিতত বিলখন বৈ যোৱাত বাধাৰ সৃষ্টি হৈছে। যাৰ বাবে চালনাবৰি, টুকটুকী, ৰৌমাৰীত ভেৰভেৰি, আমলখি, চহৰীয়া, ধনীয়াভেটি আদি অঞ্চলৰ বাট পথ, বিদ্যালয় আৰু বহু গৃহস্থৰ চোতালত এটিয়াও এককাল পানী।
যাৰ বাবে আজি অঞ্চলৰ ৰাইজে ধিং-জাজৰি সংযোগী গড়কাপ্তানি পথৰ দলঙৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তুলিলে। প্ৰতিবাদৰ বাবে পথটোৰে যাতায়ত ব্যহত হৈ পৰে। ৰাইজৰ দাবী ৰৌমাৰীত বিলত হোৱা বেদখলৰ বিৰুদ্ধে চৰকাৰে পদক্ষেপ লৈ উচ্ছেদ চলাব লাগে।
Also Read: উপ নিৰ্বাচনঃ ৪ টা সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে, বিহালিত পুনৰ প্ৰাৰ্থী হ'ব CPI(ML)L ৰ বিবেক দাস...