"অসমীয়া জাতিৰ অন্যায় হোৱা কাম নকৰো"- পীযুষ হাজৰীকা...

“অসমীয়া জাতিৰ অন্যায় হোৱা কাম হোৱাটো মই নিবিচাৰো ৷ তাৰ বাবে সকলো মাৰ বান্ধি আগবাঢ়িব লাগিব৷“

author-image
Asomiya Pratidin
New Update
"অসমীয়া জাতিৰ অন্যায় হোৱা কাম নকৰো"- পীযুষ হাজৰীকা...

ডিজিটেল সংবাদ, নগাঁও : “অসমীয়া জাতিৰ অন্যায় হোৱা কাম হোৱাটো মই নিবিচাৰো ৷ তাৰ বাবে সকলো মাৰ বান্ধি আগবাঢ়িব লাগিব৷“ এই মন্তব্য ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷ নগাঁও আবৰ্ত ভৱনত সংবাদকৰ্মীৰ আগত মন্তব্য আগবঢ়াই মন্ত্ৰী হাজৰীকাই কয় যে, ২০১১ চনৰ পিছৰ লোকপিয়ল মতে সমষ্টি পুনৰ নিৰ্ধাৰণ বিচৰা সকল অসমৰ শত্ৰু ৷ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ভাই ভাই ৷ দুয়োটা দলে জাতিৰ হিত নিবিচাৰে ৷

নগাঁও লোকসভা সমষ্টিৰ সামাজিক মাধ্যম কোষৰ সন্মিলনত অংশ গ্ৰহণ কৰি মন্ত্ৰীজনে বিধায়ক অখিল গগৈকো সমালোচনা কৰে ৷ সংবাদকৰ্মীৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয় যে অখিল গগৈয়ে পুৱা এটা কথা কয়, বিয়লি এটা কথা কয় ৷ আকৌ পিছদিন কথাটো বদলাই দিয়ে ৷ ক’ত কেতিয়া কি কয় বুজিব নোৱাৰি ৷ তদুপৰি আগন্তুক লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিটো বিজেপিয়ে দখল কৰিব বুলিও মন্তব্য কৰে ৷

Also Read: জাকৈ-খালৈ লৈ ৰাজপথত মাছমৰীয়া; পথতে ধৰিল পুঠি-খলিহনা...

pijush hazarika