কলিয়াবৰৰ হাতীমূৰাত পীযুষ হাজৰিকাঃ তিনি বছৰে সম্পূৰ্ণ ন’হল ১৩৫ কোটি টকীয়া আঁচনি...

কলিয়াবৰৰ হাতীমূৰাত পীযুষ হাজৰিকাঃতিনি বছৰে সম্পূৰ্ণ ন’হল ১৩৫ কোটি টকীয়া আঁচনি...
কলিয়াবৰৰ হাতীমূৰাত পীযুষ হাজৰিকাঃতিনি বছৰে সম্পূৰ্ণ ন’হল ১৩৫ কোটি টকীয়া আঁচনি...
Published on
Updated on

ডিজিটেল সংবাদ কলিয়াবৰঃ লেহেমীয়া গতিত চলিছে কলং পুনৰুজ্জীৱিতকৰণ প্ৰকল্পৰ কাম। কলং পুনৰুজ্জীৱিত কৰণক লৈ কলিয়াবৰ তথা নগাঁও জিলাবাসীৰ সপোনক ভেঙুচালি কৰিছে ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে।

নগাঁও জিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সুঁতি কলঙক পুনৰ বোৱতী কৰিবৰ বাবে ২০২০ চনৰ অক্টোবৰতে জলসম্পদ বিভাগে ১৩৫ কোটি টকাৰ ব্যয় সাপেক্ষ এক প্ৰকল্প হাতত লৈছিল যদিও বৰ্তমান ৫০ শতাংশহে সম্পূৰ্ণ হৈছে প্ৰকল্পৰ কাম।

মঙলবাৰে কলিয়াবৰৰ হাতীমূৰাত কলং মুখৰ শ্লুইছ গে'টৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি কলং পুনৰ বোৱতীকৰণ কৰিবলৈ আৰু দুটা বছৰ সময় লাগিব বুলি প্ৰকাশ কৰে জলসম্পদ মন্ত্ৰী পীয়ুয হাজৰিকাই। উল্লেখযোগ্য যে,তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ তৎপৰতাত আড়ম্বৰপূৰ্ণভাবে আৰু অতি ক্ষীপ্ৰতাৰে ২০২০ চনত কলং পুনৰুজ্জীৱিতকৰনৰ অভিলাষী আঁচনিখনৰ কাম আৰম্ভ হ’ল যদিও বিগত তিনি বছৰেও সম্পূৰ্ণ নহ'ল ১৩৫ কোটি টকাৰ প্ৰকল্প।

একপ্ৰকাৰ অচলাৱস্থা আহি পৰিছে নগাঁও জিলাৰ মাজেৰে পাৰ হৈ যোৱা ব্ৰহ্মপুত্ৰৰ সুঁতি কলঙৰ পুনৰুজ্জীৱিতকৰণৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰা আঁচনিত। পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই তিনি মাহতে সম্পূৰ্ণ হ'ব বুলি কোৱা কলিয়াবৰৰ হাতীমূৰাৰ কলংমুখত নিৰ্মিত জলদ্বাৰৰ কাম তিনি বছৰতো সম্পূৰ্ণ কৰিব নোৱাৰিলে পীযুষ হাজৰিকাৰ জলসম্পদ বিভাগে।

উল্লেখ্য যে, ২০২০ চনৰ ৩০ অক্টোবৰত হাতীমূৰাত কলং পুনৰ বোৱতী কৰাৰ প্ৰকল্প মুকলি কৰিছিল তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। ২৪ ঘণ্টাই কাম কৰি তিনি মাহৰ ভিতৰত কলংমুখত শ্লুইছগেট অৰ্থাৎ জলদ্বাৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতিও দিছিল মন্ত্ৰীগৰাকীয়ে।

কিন্তু বৰ্তমানলৈকে প্ৰকল্পৰ ৫০ শতাংশ কামহে সম্পূৰ্ণ হৈ উঠিছে। মঙলবাৰে কলিয়াবৰৰ হাতীমূৰাত কলং মুখৰ শ্লুইছ গে'টৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি এই কথা নিজেই ঘোষণা কৰিলে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। কলং পুনৰ বোৱতীকৰণৰ বাবে ব্ৰহ্মপুত্ৰৰ লগত সংযোগ আৰু হাবি-জংঘল-আৱৰ্জনাৰে পূৰ হৈ বাম হৈ পৰা কলংখনৰ খনন কাৰ্য চলাবলৈ আৰু দুটা বছৰ লাগিব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰদান কৰা বক্তব্যই কলিয়াবৰীয়া ৰাইজক উদ্বিগ্ন কৰি তুলিছে ৷

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ এই পৰিদৰ্শনৰ সময়ত স্বাস্থ্য মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্ত, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰছিং ৰংপি, অধীক্ষক অভিযন্তা সিদ্ধান্ত শৰ্মা, নগাঁও জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পিংকু মজুমদাৰৰ লগতে বিভাগটোৰ বিষয়াবৰ্গই সহযোগ কৰে ৷

উল্লেখ্য যে, ১৯৬৩ চনত ব্ৰহ্মপুত্ৰৰ বানৰ পৰা পৰিত্ৰাণ বিচাৰি হাতীমূৰাত বন্ধ কৰি দিয়া হৈছিল কলঙৰ মুখ। তাৰ লগে লগে মৃত্যু ঘটিছিল নগাঁৱৰ প্ৰাণস্পন্দন বোৱতী কলঙৰ।

কলঙক পুনৰ বোৱতী কৰণৰ বাবে বিভিন্ন দল-সংগঠন তথা ৰাইজৰ দীৰ্ঘদিনীয়া দাবীত সৰ্বানন্দ সোণোৱাল চৰকাৰে হাতত লৈছিল কলং পুনৰুজ্জীৱিত কৰণৰ অভিলাসী প্ৰকল্প। কিন্তু দিন বাগৰাৰ লগে লগেই পুনৰ স্থবিৰ হৈ পৰিছিল কলং বোৱতীকৰণৰ আঁচনি।

তিনি মাহতে সম্পূৰ্ণ হোৱা কলংমুখৰ কাম তিনি বছৰেও নহ'ল সম্পূৰ্ণ। এতিয়া প্ৰশ্ন উঠিছে নগাঁও-কলিয়াবৰবাসী ৰাইজৰ বোৱতী কলঙৰ সপোন পূৰণ হ'ব কেতিয়া?

কলিয়াবৰৰ হাতীমূৰাত পীযুষ হাজৰিকাঃতিনি বছৰে সম্পূৰ্ণ ন’হল ১৩৫ কোটি টকীয়া আঁচনি...
ভাস্কৰ জ্যোতি ভূঞালৈ ছহিদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী 'অনুসন্ধানমূলক সাংবাদিকতা বঁটা'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in