নগাঁৱত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য- বিৰোধী মিত্ৰজোঁটত ভাঙোন আহিছে...

নগাঁৱত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য- বিৰোধী মিত্ৰজোঁটত ভাঙোন আহিছে...
নগাঁৱত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য- বিৰোধী মিত্ৰজোঁটত ভাঙোন আহিছে...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও : 'অসমত এতিয়া বিৰোধীৰ স্থিতি থৰকবৰক । আনকি তেওঁলোকৰ মিত্ৰজোঁটতো ভাঙোন আহিছে । যাৰবাবে অসমৰ আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধীয়ে মাত্ৰ এখনহে আসন লাভ কৰিবলৈ সক্ষম হ'ব।'

এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। শনিবাৰে নগাঁও চহৰৰ নগাঁও ছোৱালী কলেজ সংযোগী পকী দলং যাতায়তৰ বাবে মুকলি কৰি বিৰোধীক এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি লয় জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে।

ইফালে মন্ত্ৰীগৰাকীয়ে মহাসপ্তমীৰ দিনটোত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত ফৌজদাৰিপট্টি দুৰ্গা পূজাথলী,পঞ্চমুখী হনুমান মন্দিৰৰ পূজাথলী, চকলাঘাটৰ গৌৰীনাথ শিৱ মন্দিৰৰ দুৰ্গা পূজা থলী দৰ্শন কৰি দেৱী দুৰ্গাৰ আশীষ নিৰ্মালি গ্ৰহণ কৰে।

নগাঁৱত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য- বিৰোধী মিত্ৰজোঁটত ভাঙোন আহিছে...
বদৰুদ্দিন আজমলে ক'লে- ঠগ প্ৰৱঞ্চনাত এক নম্বৰত মুছলমান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in