সাৰ মাফিয়াৰ ভঁড়ালত আৰক্ষী আৰু কৃষি বিভাগৰ অভিযান...

পলাতক বিভূতি-ৰঞ্জুমনিৰ হেৰাল সাৰৰ ভঁড়াল
সাৰ মাফিয়াৰ ভঁড়ালত আৰক্ষী আৰু কৃষি বিভাগৰ অভিযান...
সাৰ মাফিয়াৰ ভঁড়ালত আৰক্ষী আৰু কৃষি বিভাগৰ অভিযান...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: ইউৰিয়া সাৰৰ চোৰাং বেহাৰে জড়িত বিভূতি ভূষন বৰা আৰু তেওঁৰ পত্নী ৰঞ্জু মনি বৰাৰ বিৰুদ্ধে শুকুৰবাৰে যুটীয়া ভাবে মৰিগাওঁ আৰক্ষী আৰু নগাঁও জিলা কৃষি বিভাগে অভিযান চলাই। বিয়লি চলোৱা অভিযানত অভিযানকাৰী দলে এম এছ বৰা ফাৰ্টিলাইজাৰ ষ্টোৰৰ ব্যাপক বিসংগতি পোহৰলৈ আনে।

নগাওঁ জিলা কৃষি বিষয়া ৰঞ্জন ডেকাই জনোৱা মতে এম এছ বৰা ফাৰ্টিলাইজাৰৰ ষ্টোৰৰ দুটা ভড়াল দণ্ডাধীশৰ উপস্হিতিত চীল কৰা হৈছে। দুটি পৃথকে পৃথকে থকা ভড়াল চীল কৰাৰ লগতে বুজন সংখ্যক সাৰৰ বেগ জব্দ কৰা বুলি জিলা কৃষি বিষয়া জনে জানিবলৈ দিয়ে ।

চাঞ্চল্যকৰ বিষয় এই যে, বৰা ফাৰ্টিলাইজাৰৰ এটা বৃহৎ ভড়াল হেৰুৱা ঘটনা পোহৰলৈ আহিছে। কৃষি বিভাগৰ অনুমতি থকা তিনিটা ভড়ালৰ এটা ভড়াল হঠাৎ হেৰুৱা ঘটনাই দীৰ্ঘ দিনে বৰা ফাৰ্টিলাইজাৰ ষ্টোৰৰ বিভূতি ভূষন বৰা আৰু ৰঞ্জু মনি শইকীয়া বৰাই চলাই থকা অনীতি অধিক স্পষ্ট কৰি তুলিছে।

সাৰৰ খুচুৰা প্ৰতিস্হানৰ বিপৰীতে এটি ভড়াল আৰু পাইকাৰী প্ৰতিস্হানৰ বিপৰীতে দুটিকৈ ভড়ালৰ স্বীকৃতি আছে। এই তিনিটা ভড়ালৰ এটা ভড়াল হঠাৎ নাইকীয়া হোৱাৰ ঘটনাই কৃষি বিভাগত হাহাকৰ লগাইছে ।

মৰিগাঁও আৰক্ষী দলে নগাওঁ কৃষি বিভাগৰ সহযোগত চলোৱা এই অভিযানৰ পিছত কৃষি বিভাগে হেৰুৱা ভড়াল বিচাৰি অভিযান চলোৱা বুলি জানিব পৰা গৈছে যদিও সমগ্ৰ বিষয়টো গাপ দিবলৈ চেষ্টা কৰিছে। নগাঁও কৃষি বিভাগে নিশালৈকে হেৰুৱা ভড়াল ঘৰৰ সন্ধান পোৱা নাই ।

১০ জুলাইত মৰিগাঁও জিলাৰ জাগীৰোড আৰক্ষীয়ে সাৰ মাফিয়া বিভূতি ভূষন বৰা আৰু ৰঞ্জু মনি শইকীয়া বৰাৰ এখন ট্ৰাক জব্দ কৰাৰ পিছত সাৰৰ চোৰাং ব্যৱসায়ৰ ঘটনা পোহৰলৈ আহে। ইয়াৰ পিছতে মেনেজ মাষ্টাৰ বিভূতি আৰু ৰঞ্জু মনিয়ে পলায়ন কৰে। পলাতক দুয়োজনে ন্যায়ালয়ৰ পৰা আগতীয়া জামিন ল'বলৈ কুচকাৱাজ চলাই আছে।

সাৰ মাফিয়াৰ ভঁড়ালত আৰক্ষী আৰু কৃষি বিভাগৰ অভিযান...
ওদালগুৰিত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত এজনৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in