নগাঁও জিলাত অসম বিধানসভাৰ প্ৰাককলন সমিতিৰ দল

নগাঁও জিলাত অসম বিধানসভাৰ প্ৰাককলন সমিতিৰ দল

author-image
Asomiya Pratidin
New Update
নগাঁও জিলাত অসম বিধানসভাৰ প্ৰাককলন সমিতিৰ দল

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অসম বিধানসভাৰ প্ৰাককলন সমিতিয়ে জিলাৰ বিভিন্ন বিভাগৰ সৈতে এখন পৰ্য্যালোচনা সভাত ১অক্টোবৰত অংশগ্ৰহণ কৰে । অসম বিধানসভাৰ প্ৰাককলন সমিতিৰ অধ্যক্ষ তথা ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ অধ্যক্ষতাত অনুষ্ঠিত এই পৰ্য্যালোচনা সভাত প্ৰাককলন সমিতিৰ সদস্যসকল ক্ৰমে- দক্ষিণ শালমৰা বিধানসভা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলাম, উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক কমলক্ষ্য দে পুৰাকায়স্থ , বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন, মানকাছাৰ বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলাম উপস্থিত থাকে।

ইয়াৰ উপৰি অতিৰিক্ত সচিব ৰাজীৱ ভট্টাচাৰ্য্য, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা উন্নয়ন আয়ুক্ত গুনজিৎ কাশ্যপ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈৰ লগতে বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে । উক্ত সভাত লোকনিৰ্মান (পথ আৰু গৃহ), জলসম্পদ, ভূমি সংৰক্ষণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জনস্বাস্থ্য কাৰিকৰী, জলসিঞ্চন, পৰিবেশ আৰু বন, আৱকাৰী, মীন, মহিলা আৰু শিশু বিকাশ, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, বিদ্যুৎ, কৃষি আদি বিভিন্ন বিভাগ সমূহে ৰূপায়ন কৰি থকা চৰকাৰী আঁচনিসমূহৰ খতিয়ান লোৱাৰ বাবে আহ্বান জনায়।

লগতে বিষয়াসকলক এই আঁচনি সমূহ যাতে প্ৰকৃত হিতাধিকাৰীসকলে লাভ কৰাৰ লগতে জনসাধাৰণ উপকৃত হয় তাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিবলৈ আৰু আঁচনিসমূহ সঘনাই নিৰীক্ষণ কৰিবলৈ আহ্বান জনায় ।

উক্ত দলটোৱে কেইবাটাও অঞ্চলত জিলাখনৰ বিভিন্ন বিভাগে ৰূপায়ন কৰি থকা আঁচনিসমূহৰ ক্ষেত্ৰ পৰিদৰ্শন কৰি পৰ্যবেক্ষণ কৰে । ইফালে সংবাদ মাধ্যমৰ আগত সমিতিৰ অধ্যক্ষ প্ৰশান্ত ফুকনে কয় যে নগাঁৱত একাংশ কাম সম্পাদনৰ ক্ষেত্ৰত আসোৱাহ দেখা গৈছে ৷ সেই সন্দৰ্ভত বিধানসভাৰ মজিয়াত প্ৰতিবেদন দাখিল কৰা হ'ব ৷

Also Read: বটদ্ৰৱাৰ লালুং গাঁৱত তীব্রবেগী ডাম্পাৰৰ খুন্দাত নিহত এজন

assam legislative assembly