ডিজিটেল সংবাদ , নগাঁও: বিদ্যুতৰ বৰ্ধিত মাচুলৰ বিৰুদ্ধে মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ জিলা সমিতিয়ে পৰিষদৰ নতুন বজাৰস্থ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে বিদ্যুত বিভাগৰ মন্ত্ৰী নন্দিতা গাৰলোছাৰ প্ৰতিমূৰ্তি দাহ কৰি বিভিন্ন প্ৰতিবাদী শ্লগাৱেৰে পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদকাৰীসকলে "বিদ্যুতৰ মাচুল হ্ৰাস কৰক", "বিদ্যুত বিভাগ হায়-হায়", "নন্দিতা গাৰলোছা মুৰ্দাবাদ", "নৰেন্দ্ৰ মোডী হায়-হায়", "অসম চৰকাৰৰ হায়-হায়" আদি বিভিন্ন প্ৰতিবাদী শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। চৰকাৰে শীঘ্ৰে বিদ্যুতৰ মাচুল হ্ৰাস নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ সমিতিয়ে।
Also Read: 'অসমীয়া প্ৰতিদিন'ৰ বাতৰিৰ প্ৰভাৱ: দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াক ৰিৰ্জাভ ক্ল'জ